Site icon Guwahati Times

নগাঁৱৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যলয়ত অভিনন্দন অনুষ্ঠান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২৪মে’:– নগাঁও জিলাৰ হাতীচোং মৌজাৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৮৩ বৰ্ষৰে সগৌৰৱ জ্ঞানযাত্ৰাত ব্ৰতী চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ বিদ্যালয়ৰ কৃতী শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱা হয় । অভিনন্দন অনুষ্ঠানটিৰ আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষা বৃন্দামাই দেৱীয়ে শিক্ষাৰ্থীসকলক কৃতকাৰ্যতাৰ বাবে অভিনন্দন জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যৎ কামনা কৰে । ইয়াৰ পাছতে বিদ্যালয়ৰ সহকাৰী শিক্ষক ক্ৰমে বিপুল চন্দ্ৰ শইকীয়া,বিষয় শিক্ষক খগেন শইকীয়া,বিষয় শিক্ষক ৰঞ্জন তামুলী,সহকাৰী শিক্ষক নিৰঞ্জন গোস্বামী আৰু সহকাৰী শিক্ষক শোণিত ৰঞ্জন হাজৰিকাই শিক্ষাৰ্থীসকলক অনাগত দিনৰ বাবে শুভকামনা জ্ঞাপন কৰি সুপৰামৰ্শ আগবঢ়ায় । ভাষণ প্ৰসংগত শিক্ষক শোণিত ৰঞ্জন হাজৰিকাই কয় যে প্ৰথমতে প্ৰকৃত মানুহ হ’বলৈ চেষ্টা কৰিবা। মানুহৰ লগতে সমস্ত জীৱকুলৰ উন্নতিৰ বাবে অহৰহ নিজকে প্ৰস্তুত কৰিবলৈ যত্নপৰ হ’বা। ব্যক্তিগত উন্নতিৰ জখলাদাল বগাই যাওঁতে যাতে কাৰো কোনো ধৰণৰ অসুবিধা নহয় সদায় মনত ৰাখিবা । সু- নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ যত্নপৰ হ’বা । উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ উপস্থিত শিক্ষাৰ্থীসকলক সমূহীয়াকৈ শিক্ষকসকলে একোখনকৈ গামোছাৰে অভিনন্দন জ্ঞাপন কৰি অনুষ্ঠানটো সুন্দৰ কৰি তোলে।


অভিনন্দন অনুষ্ঠানটি সামগ্ৰিকভাৱে পৰিচালনা কৰে বিদ্যালয়ৰ উপাধ্যক্ষা দীপ্তি বৰাই।
আৰম্ভণিতে বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী কৃষ্টিকন্যা শইকীয়াই মহাপুৰুষ মাধৱদেৱ ৰচিত “মুক্তিত নিস্পৃহ যিটো…..” পৰিবেশিত নামঘোষাৰে অনুষ্ঠানটো গাম্ভীৰ্যপূৰ্ণ কৰি তোলে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version