Site icon Guwahati Times

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰী সংগীত বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,২৮মে’:–শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ নগাঁও জিলা শাখাৰ অন্তৰ্গত শংকৰী সংগীত বিদ্যালয়ৰ সপ্তবিংশতিতম প্ৰতিষ্ঠা দিৱসটি ৰবিবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখা কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় । এই উপলক্ষে কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত অনিল কোঁৱৰৰ পৰিচালনাত নাম প্ৰসঙ্গৰ পাছতে পুৱা ৯:৩০ বজাত অনুষ্ঠিত হয় মুকলি সভা । শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ সভাপতি চেনাৰাম ডেকাই সঞ্চালনা কৰা মুকলি সভাত আদৰণি ভাষণ আগবঢ়াই শংকৰী সংগীত বিদ্যালয়ৰ অধ্যক্ষা বন্তি বৰদলৈয়ে আৰু মুকলি সভাখনি উদ্বোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ সম্পাদক বিপুল শইকীয়াই। সভাত মুকলি মুখ্য অতিথি ৰূপে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা,বিশিষ্ট অতিথি ৰূপে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰা,মূলৰ সদস্য ক্ৰমে জ্যোতি প্ৰসাদ ভূঞা,নলিনী বৰা,শনিৰাম দাস, তোষেশ্বৰ বৰা, গোবিন চন্দ্ৰ দাস আদি উপস্থিত থাকি ভাষণ প্ৰদান কৰে । সভাত নিদিষ্ট বক্তা ৰূপে উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলৰ উদ্দেশ্যে ভাষণ আগবঢ়াই শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ সাংস্কৃতিক শাখাৰ সম্পাদক অলিম মহন্তই ৷ বিয়লি ২:৩০ বজাত সাংস্কৃতিক অনুষ্ঠানটি শংকৰী সংগীত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি হৰিদাস ৰাজকুমাৰে উদ্বোধন কৰে । ষ্মৰ্তব্য যে,নগাঁও চহৰৰ মাজমজিয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ কাৰ্যালয়ত আজিৰে পৰা ২৭ বছৰ পূৰ্বে প্ৰতিষ্ঠা লাভ কৰা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ শংকৰী সংগীত বিদ্যালয়খনিত প্ৰতিষ্ঠা কালৰে পৰা যিসকল প্ৰশিক্ষাৰ্থীয়ে শংকৰী শিক্ষা গ্ৰহণ কৰি শংকৰী সংগীতত বিশাৰদ হিচাপে উৰ্ত্তীণ হৈছে তেওঁলোকক সম্বদ্ধৰ্না জনোৱা হয়। এই সম্বদ্ধৰ্না লাভ কৰে ১৫ গৰাকীকৈ বৰগীতৰ প্ৰশিক্ষাৰ্থীয়ে । সন্ধিয়া সাংস্কৃতিক শাখাৰ সভাপতি চম্পক ৰাজখোৱাই বন্তি প্ৰজ্বলন কাৰ্যসূচী উদ্বোধন কৰাৰ পাছতে দিনযোৰা কাৰ্যসূচীৰ সামৰণি পৰে ৷ ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version