Site icon Guwahati Times

নগাঁৱৰ জখলাবন্ধা ৰাঙলুত এল্ট’-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এজন নিহত-এজন আহত

 

নিউজ ব্যুৰ’,নগাঁও,৩১মে’:-নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত ৰাঙলুৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত বুধবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে অান এজন আহত হয় । আৰক্ষীয়ে নিহত লোকজনক যোৰহাটৰ ৰাজীৱ বৰা বুলি চিনাক্ত কৰিছে ।
জানিব পৰা মতে এখন ট্ৰাক আৰু গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী AS03AE 4110 নম্বৰৰ মাৰুতী এল্ট’ গাড়ীখনে বিপৰীত দিশৰ পৰা অহা AP05 TG 2389 নম্বৰৰ ট্ৰাকখনক মুখামুখিকৈ খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ।
নিহত আৰু আহত দুয়োজন এল্ট’খনৰ চালক আৰু আৰোহী আছিল । চালকৰ আসনত থকা ৰাজীৱ বৰাৰ ঘটনাস্থলীতে মৃত্যু হয় । ইফালে স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে আহত ঋতিক বৰদলৈক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।উল্লেখ্য যে ৰাজীৱ বৰা আৰু ঋত্বিক বৰদলৈৰ ঘৰ যোৰহাটৰ ২নং সোণাৰী গাঁৱত । ঘটনা সংঘটিত হোৱাৰ পাছতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন দুজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । দুৰ্ঘটনাৰ ফলত এল্ট’ গাড়ীখনৰ সন্মুখ অংশটি সম্পূৰ্ণ ৰূপে বিধস্ত হৈ পৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version