Site icon Guwahati Times

নগাঁৱৰ চাপানলাত কবি দেৱকান্ত বৰুৱা সোঁৱৰণী কবি মহাসভা- টেবুল গ্ৰন্থমেলা সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২৩ফেব্ৰুৱাৰী:–নগাঁও জিলাৰ অতি ভিতৰুৱা অঞ্চল ৰূপে খ্যাত চাপানলাত বুধবাৰে অনুষ্ঠিত হয় কবি দেৱকান্ত বৰুৱা সোঁৱৰণী কবিৰ মহাসভা । এই উপলক্ষে চাপানলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত হয় অবিৰত কবিতা পাঠ । পুৰণিগুদাম কবি সন্মিলনৰ সভাপতি নবীন কলিতাই সঞ্চালনা আৰু চাপানলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পাৰুল গায়নে পৰিবেশন কৰা বৰগীতৰে শুভাৰম্ভ কৰা অবিৰত কবিতা পাঠ অনুষ্ঠানটিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক কবিয়ে কবিতা পাঠ কৰে ।

এই কাৰ্যসূচীতে কবি সন্মিলনৰ তৰফৰ অনুষ্ঠিত হয় এখনি “টেবুল গ্ৰন্থমেলা”ৰ । গ্ৰন্থমেলাখনি উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ ফণীন্দ্ৰ নাথ গায়নে । অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট কথা শিল্পী-গল্পকাৰ শিৱানন্দ কাকতি । চাপানলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হেড়ম্ব প্ৰসাদ গোস্বামীয়ে আঁতধৰা অবিৰত কবিতা পাঠ অনুষ্ঠানটিত নুপূৰ মোমাইদেউ খ্যাত শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য,ৰিণ্টু দাস,দ্বীপ জ্যোতি বৰা,আবৃত্তি শিল্পী পূৰৱী শইকীয়া,তন্ময় ভৰদ্বাজ,শিশু বন্ধু দুলাল বৰা,তেজপুৰৰ কবি মমিতা ভট্টাচাৰ্য,জেউতি হাজৰিকা,প্ৰসন্ন দাধৰা,কমল শৰ্মা,চামগুৰি শাখা সাহিত্য সভাৰ সভাপতি অতুল কুমাৰ নাথ,পুৰণিগুদাম শাখা সাহিত্য সভাৰ সভাপতি ৰবীন কলিতা,সাংবাদিক তপন কটকী, হেলেন পণ্ডিত,দীপা শইকীয়া, প্ৰদীপ শইকীয়া,অদিত কুমাৰ বৰা, জিণ্টু চাংমাই,ভাৰতী বৰা,বিদ্যা নাথ বৰা,কমল শইকীয়া,তৰালি ফুকন,ৰূপেশ নায়ক,হিমু কটকী, ৰূকচানা য়াছমিন,হেমন্ত নায়ক,ৰাজা আলী,প্ৰণৱ হাজৰিকা,মাধৱী বিষয়া,দীপিকা বৰা,ৰাকেশ ধীৰ মেধি,যতীন গগৈ,চেনেহী ফুকন,শংকৰ মিৰ্ধা,সুৰয নায়ক,প্ৰফুল্ল বৰাৰ লগতে চাপানলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version