Site icon Guwahati Times

নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠৰ ছাত্ৰী নীলাঞ্জনা বেজবৰুৱাৰ সাফল্য

কাজিৰঙা মহোৎসৱ ২০২৩ত অংশগ্ৰহণ কৰি “কাজিৰঙা নৃত্য ৰত্ন” বঁটা লাভ নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠৰ একাদশ শ্ৰেণীৰ ছাত্ৰী নীলাঞ্জনা বেজবৰুৱাৰ। তিনিচুকীয়াৰ গুৰুকুল কালচাৰেল একাডেমীয়ে আয়োজন কৰিছিল কাজিৰঙা নৃত্য মহোৎসৱ।

নগাঁও জিলাৰ বঢ়মপুৰ হালোৱাগাঁৱৰ নীলাঞ্জনা বেজবৰুৱাই নৃত্য পৰিৱেশন কৰি এই সন্মান বুটলিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও নীলাঞ্জনা বেজবৰুৱাই কৃষ্ণ নৃত্য পৰিৱেশন কৰি লণ্ডন বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰাৰ লগতে বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

Exit mobile version