Site icon Guwahati Times

নগাঁৱৰ কামপুৰত মহাপুৰুষৰ নামত নামাংকিত ফলক মছিলে দুস্কৃতিকাৰীয়ে

নিউজ ব্যুৰ’,নগাঁও,১৬জুন:–নগাঁও জিলাৰ কামপুৰ পৌৰ সভাৰ ২নং ৱাৰ্ডৰ এটা পথৰ ফলকৰ পৰা মহাপুৰুষ মাধৱদেৱৰ নাম মছি পেলাই কোনো দুষ্কৃতিকাৰীয়ে । এই কাৰ্যক তীব্ৰ গৰিহণা দি শুক্ৰবাৰে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে কেইদিনমান পূৰ্বে কামপুুৰত কামপুৰ পৌৰসভাৰ ২নং মহলাৰ এন ই চি অফিচলৈ যোৱা পথটো মহাপুৰুষ মাধৱদেৱৰ নামত নামকৰণ কৰি ফলক আঁৰিছিল । মহাপুৰুষজনাৰ নামত এটা পথ কামপুৰ পৌৰসভাই নামকৰণ কৰা কাৰ্যক আদৰণি জনাইছিল কামপুৰৰ বৌদ্ধিক মহলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে কোনো দুষ্কৃতিকাৰীয়ে দুদিন পূৰ্বে মহাপুৰুষ মাধৱদেৱৰ নামেৰে নামাংকিত নামফলক খন ৰং সানি মছি পেলোৱা পৰিলক্ষিত হোৱাৰ পিছতেই কামপুৰৰ সচেতন মহল উদ্বিগ্ন হৈ পৰিছে । কোনো দুষ্ট চক্ৰই পৰিকল্পিতভাৱে মহাপুৰুষ জনাৰ নাম মছি পেলোৱা কাৰ্যক একেমুখে সকলোৱে ধিক্কাৰ দিছে । ইফালে এই ঘটনাৰ গৰিহণা দি কামপুৰৰ কেইবাটাও দল সংগঠনে এক প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে দোষীক কাৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায় । এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা,প্ৰাক্তন ছাত্ৰ সমন্বয় সমিতিৰ সভাপতি অমিয় কুমাৰ বৰা,অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা মাধৱ লস্কৰ আদিকে ধৰি সচেতন ৰাইজে ।ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version