Site icon Guwahati Times

নগাঁও পৰিবহন বিভাগ-যান বাহন আৰক্ষীৰ চালকৰ ওপৰত তীক্ষ্ম দৃষ্টি

নিউজ ব্যুৰ’,নগাঁও,১৬জুন:–নগাঁও পৰিবহণ বিভাগ আৰু যান বাহন আৰক্ষীয়ে শেহতীয়াকৈ দুচকীয়া আৰু চাৰিচকীয়া যানবাহনৰ চালকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা পৰিলক্ষিত হৈছে । বিশেষকৈ চালক আৰু আৰোহীৰ চিটবেল্ট, হেলমেট আদি পৰিধানৰ ক্ষেত্ৰত বিভাগ দুটাই কঠোৰ স্থিতি গ্রহণ কৰাৰ লগতে নিয়ম উলংঘা কৰা চালক আৰু আৰোহীক জৰিমনাও বিহিছে । আনহাতে নগাঁও জিলাত কোনো নিৰ্ধাৰিত গতিপথৰ বিপৰীত গতি উলংঘা কৰি বিপৰীত দিশেৰে যান বাহন চলোৱা চালকৰ বিৰূদ্ধে বৃহস্পতিবাৰে জিলা পৰিবহন বিভাগে কঠোৰ স্থিতি গ্রহণ কৰা পৰিলক্ষিত হয় ।

বিধি উলংঘা কৰি চালকে নিৰ্ধাৰিত পথৰ বিপৰীত দিশেৰে যান-বাহন চলোৱাৰ ফলত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে বহুলোকে প্ৰাণ হেৰুৱাব লগা হোৱাৰ বাবে এই ক্ষেত্ৰত জিলা পৰিবহন বিভাগে কঠোৰ স্থিতি গ্রহণ কৰা বুলি জিলা পৰিবহন বিষয়াই এক জাননী যোগে জনাইছে । যদি কোনো চালকে নিয়ম উলংঘা কৰি নিৰ্ধাৰিত পথৰ বিপৰীত দিশেৰে যান-বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰে তেন্তে নিয়ম ভংগকাৰী চালকক জৰিমনা বিহাৰ লগতে চালকৰ অনুজ্ঞা পত্ৰ নিলম্বন কৰাৰ হ’ব বুলিও জাননীখনত উল্লেখ আছে । আনহাতে নিয়ম ভংগ কৰি বিপৰীত দিশেৰে চলোৱা বাহনৰ তথ্য জনাবৰ বাবে পৰিবহন বিভাগে ৯৫৩১১০৭৫১০ নম্বৰ ফোনত যোগাযোগ কৰিবৰ বাবে জনসাধাৰণক আহ্বান জনাইছে । উল্লেখিত ফোন নম্বৰলৈ নিয়ম ভংগকাৰী বাহনৰ ফটো আৰু ভি ডি অ’ পঠোৱাৰ বাবেও বিভাগটোৱে জনসাধাৰণক লগতে আহ্বান জনাইছে । নগাঁও জিলা প্ৰশাসন আৰু পৰিবহন বিভাগে জিলাখনৰ নাগৰিকসকলক পথ সুৰক্ষা বজাই ৰখাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণৰ আহ্বান জনোৱাৰ লগতে নিয়ম উলংঘা কৰি বিপৰীত দিশেৰে যান-বাহন চলোৱাৰ ফলত হোৱা দুৰ্ঘটনা ৰোধ কৰাত সহযোগ কৰিবৰ বাবে নিয়ম ভংগকাৰী চালকৰ বিৰুদ্ধে অভিযোগ দাখিলৰ আহ্বান জনাইছে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version