Site icon Guwahati Times

নগাঁৱৰ কামপুৰৰ গোঁসাইগাঁৱৰ নৱনিৰ্মিত মথাউৰি খহালে বানে

নিউজ ব্যুৰ’,নগাঁও,১৭জুন:–নগাঁও জিলাৰ কামপুৰত কপিলীৰ ভয়ানক ৰূপ । শনিবাৰে পুৱাই খহাই নিলে কামপুৰৰ গাৰুখুন্দা পঞ্চায়তৰ গোঁসাইগাঁৱৰ নৱনিৰ্মিত মথাউৰি । ধূলিসাৎ হ’ল মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰহাৰ বিধায়ক শশী কান্ত দাসৰ প্ৰতিশ্ৰুতি । বছৰৰ প্ৰথমটো বানতে খহি গ’ল প্ৰেমিজানৰ এই গুৰুত্বপূৰ্ণ মথাউৰটো । উল্লেখ্য যে বিগত বৰ্ষতো এই মথাউৰিটো ভাঙি নিছিল কপিলী নৈয়ে ।

পলমকৈ নিৰ্মাণ কৰাৰ বাবেই কাম সম্পূৰ্ণ নহ’ল মথাউৰিটোৰ। মথাউৰিটো চিঙি যোৱাৰ বাবে কামপুৰ ৰাজহ চক্ৰৰ গৰুবাট মৌজালৈ শংকা নমাই আনিছে । ষ্মৰ্তব্য যে বিগত ২০২২বৰ্ষৰ বানপানীৰ পিছত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কামপুৰক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি সকলো ভগ্ন মথাউৰি শীঘ্ৰেই নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া প্ৰেমাজানৰ এই বান্ধটো শিলেৰে নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । এই কথা ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসেও সভাই-সমিতিয়ে প্ৰতিশ্ৰুতি দিছিল। কিন্তু এটা বছৰ শুই বহি থাকি ব’হাগ বিহুৰ পিছত এম জি এনৰেগা আঁচনিত প্ৰায় পঞ্চাছ লাখ টকা ব্যয় সাপেক্ষে মথাউৰিটো নিৰ্মাণ কৰিবলৈ লোৱাত কাম সম্পূৰ্ণ কৰিব নোৱাৰাত এইদৰে খহনীয়া হয় বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version