Site icon Guwahati Times

নগাঁৱত ধৰ্ষণৰ অপচেষ্টাৰ সময়তে শহুৰেকৰ যৌনাংগ ব্লেডেৰে কাটিলে সাহসী বোৱাৰীয়ে…

ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হোৱাৰ সময়তো বাৰে বাৰে মহিলাৰ বিৰুদ্ধে অপৰাধ তুংগত উঠিছে। যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ গোচৰবোৰ সদায়ে বাতৰিৰ শিৰোনাম দখল কৰিছে।

ঘটনা অনুসৰি ভতিজাক কোনো কামৰ বাবে ৰাজ্যৰ বাহিৰত থকাৰ সুবিধা লৈ এজন খুড়া শহুৰেকে নিজৰ ভতিজাৰ পত্নীক ধৰ্ষণ কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উঠিছে। এই ঘটনা অসমৰ নগাঁও জিলাৰ বটাদ্ৰৱ থানাৰ অন্তৰ্গত কদমণি পথাৰ গাঁৱৰ।

আমোদজনক কথাটো এয়ে যে, মহিলাগৰাকীয়ে আন লোকৰ সহায়ৰ বাবে অপেক্ষা নকৰি কাষতে পোৱা চোকা ব্লেডেৰে শহুৰেকৰ যৌনাংগত ৰেপ দি কাটি পেলায়।

কুখ্যাত শহুৰেকৰ লিংগত ভতিজা পত্নীৰ চোকা ব্লেডৰ আঁচোৰ পৰাৰ লগেলগে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নুৰ হুছেইন নামৰ শহুৰেক। বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নুৰ হুছেইন।

ইতিমধ্য়ে ভুক্তভোগী মহিলাগৰাকীয়ে এই গোচৰৰ সন্দৰ্ভত বটাদ্ৰৱা থানাত এক গোচৰ দাখিল কৰিছে। লগতে জানিব পৰা মতে নুৰ হুছেইন হৈছে ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও জিলা সমিতিৰ সদস্য।

Exit mobile version