Site icon Guwahati Times

নগাঁৱত যোগ দিৱস উপলক্ষে জিলা ভিত্তিত যোগাসন প্ৰতিযোগিতা

নিউজ ব্যুৰ’,নগাঁও,১৯জুন:–সমগ্ৰ বিশ্বৰ লগতে নগাঁৱতো অসম চৰকাৰ আয়ুস সঞ্চালকালয় আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তথা সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ ব্যৱস্থাপনাত নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আয়োজন কৰা হয় জিলা ভিত্তিত যোগাসন প্রতিযোগিতা । নগাঁও ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় প্ৰেক্ষাগৃহত ৰবিবাৰে অনুষ্ঠিত উক্ত প্রতিযোগিতা ১০ বছৰৰ অনুৰ্দ্ধৰ, ১০-১৮ বছৰ,১৮-৩৫ বছৰ আৰু ৩৫ বছৰৰ ওপৰৰ ব্যক্তি সকলৰ মাজত অনুষ্ঠিত কৰা হয় । তদুপলক্ষে পুৱা ৮ বজাত প্রতিযোগিতাখনি আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলনেৰে মুকলি কৰে নগাঁও জিলা উন্নয়ন আয়ুক্ত সত্যজিৎ চেতিয়াই । উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অৰূপজ্যোতি মহন্ত,আয়ুস মিশ্যন, নগাঁৱৰ ন’ডেল বিষয়া ডাঃ ধীৰেণ চন্দ্ৰ নাথ,জিলা ক্রীড়া বিষয়া মানস প্রতীম দাস,সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ সভাপতি প্রতাপ হাজৰিকা,উপ সভাপতি শশীন্দ্ৰ দেৱ মহন্ত,প্রধান সম্পাদক বল্লদেৱ শর্মা,নগাঁও জিলা যোগ সন্থাৰ প্ৰাক্তন সভাপতি ভাৰত নাথ উপস্থিত থাকে ।

উদ্বোধনী ভাষণত জিলা উন্নয়ন আয়ুক্ত সত্যজিৎ চেতিয়াই কয় যে যোগাভ্যাসে মানুহক আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে ঋণাত্মক চিন্তাধাৰাৰ পৰা আঁতৰাই ৰখাৰ লগতে নিৰোগী হৈ থকাত সহায় কৰে । নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অৰূপজ্যোতি মহন্তই বক্তব্য ৰাখি কয় যে বৰ্তমান যোগভ্যাসৰ প্ৰসাৰতাই নৱপ্ৰজন্মক বিশেষকৈ শিশুসকলক জড়িত কৰাতো অভিভাৱকসকলৰ এক প্রশংসনীয় কার্য বুলি উল্লেখ কৰে । দিনজোৰা যোগাসন প্রতিযোগিতাখনিৰ তদাৰক কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন তথা নগাঁৱৰ গৌৰৱ যোগা ৰেফাৰী প্রভাত বৰাই । জিলাখনৰ বিভিন্ন প্ৰান্তৰ ২০০ গৰাকী প্রতিযোগীয়ে যোগদান কৰা প্ৰতিযোগিতাখনিত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ১৪ গৰাকী যোগা ৰেফাৰীয়ে বিচাৰকৰ দায়িত্ব পালন কৰে। প্ৰতিযোগিতাৰ অন্তত বিচাৰকৰ চূড়ান্ত সিদ্ধান্ত মৰ্মে ১০ বছৰৰ অনুৰ্দ্ধৰ শাখাৰ হংসভি নাথ,১০-১৮ বছৰ শাখাৰ উদিতা ৰাণী বৰা,১৮-৩৫ বছৰ শাখাৰ দেৱাশীষ বৰা আৰু ৩৫ বছৰৰ উৰ্দ্ধৰ শাখাৰ কাকলি শ‍ইকীয়াক বিজয়ী প্রতিযোগী হিচাপে ঘোষণা কৰি ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত যোগদানৰ বাবে নিৰ্বাচিত কৰে । সন্ধিয়া ৭ বজাত সামৰণি পৰা প্ৰতিযোগিতাখনিৰ অন্তত শলাগৰ শৰাই আগবঢ়াই সদৌ অসম গ্রাম্য পুথিভঁড়াল সহাৰ উপ সভাপতি শশীন্দ্র দেৱ মহন্তই । উল্লেখ্য যে জিলা ভিত্তিত অনুষ্ঠিত প্রতিযোগিতাখনিৰ পৰিচালনা কৰে সন্থাৰ যোগ প্ৰশিক্ষক শংকৰ দেৱ নাথে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version