Site icon Guwahati Times

নগাঁৱৰ ডিফলু আৰু উত্তৰ পেটবঢ়াত বিষ্ণু ৰাভা দিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,২০জুন:–“১৯৬২ চনৰ চীনা যুদ্ধ কাৰ ভুলৰ বাবে হৈছিল ? সেই বাস্তৱ সত্যটো একমাত্ৰ বিষ্ণু প্ৰসাদ ৰাভাই চিঞৰি চিঞৰি কৈ ফুৰিছিল। সেই বাবেই পুলিচে বিষ্ণু প্ৰসাদ ৰাভাৰ কণমানি সন্তান দুটিক বিচনাতে অকলশৰে এৰি নাৰিকলৰ আঁহৰে তৈয়াৰী চুকলিৰ পঘাৰে বান্ধি চোচৰাই নিছিল। সেয়ে ৰাজ্যত এতিয়া ৰজা ঘৰে প্ৰজা ঘৰে বিষ্ণু প্ৰসাদ ৰাভা দিৱস বুলি পালন কৰিলেও আচলতে সঁচা কথা দিৱসহে পালন কৰিছে । শিশু সকলক বিষ্ণু প্ৰসাদ ৰাভাৰ দৰে সঁচা ক’বলৈ আৰু মানুহ কৰিবলৈ শিক্ষা প্ৰদান কৰা শিক্ষা গুৰুসকলক শলাগ লয়।”–নগাঁও জিলাৰ খাগৰিজান প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ডিফলু মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত মংগলবাৰে ভাস্কৰ মজলীয়া বিদ্যালয়ত আয়োজিত বিষ্ণু প্ৰসাদ ৰাভা দিৱসত উপস্থিত থাকি শিশুবন্ধু দুলাল বৰাই এইদৰে মন্তব্য আগবঢ়ায়। দিনজোৰা কাৰ্যসূচীৰে উদযাপন হোৱা অনুষ্ঠানত পুৱা বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে শিক্ষক নজৰুল ইছলামে । ইয়াৰ পিছতেই কেন্দ্ৰৰ অধীনস্থ বিদ্যালয়সমূহৰ মাজত বিষ্ণু ৰাভাৰ অবিৰত কবিতা পাঠ আৰু বিষ্ণু ৰাভাৰ গীতৰ প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় “বৰ্তমান সময়ত বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা” শীৰ্ষক এখনি আলোচনা চক্ৰ । সহকাৰী শিক্ষক দ্বীপজ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানত খাগৰিজান প্ৰাথমিক শিক্ষাখণ্ডৰ সমল ব্যক্তি ক্ৰমে মন্তুল কুমাৰ শৰ্মা,তৃষ্ণা শৰ্মা, ম’হখুলি শ্বহীদ অনিল বৰা স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মিজুমী মহন্ত,কুমাৰ বিভূতি,ডিফলু মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক নৱজ্যোতি মহন্তকে আদি কৰি বহু কেইবাগৰাকী শিক্ষক- শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে । শিক্ষক নজৰুল ইছলামে সভাপতিত্ব কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰা সমূহ ছাত্ৰ-ছাত্ৰীক মানপত্ৰ আৰু শ্ৰেষ্ঠসকলক গ্ৰন্থৰে পুৰস্কৃত কৰা হয় । ইপিনে নগাঁও জিলাৰ বেবেজীয়া-উত্তৰ পেটবঢ়াৰ সমীপৰ বকুলতলতো বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয় ।বনচাই মুকলি পুথিভঁৰাল আৰু কলংপৰীয়া বকুলতল শিশু সাংস্কৃতিক সংঘৰ সৌজন্যত উত্তৰ পেটবঢ়াৰ ৯৫ নং ভাটী জাগীয়াল প্ৰাথমিক বিদ্যালয়ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ সহযোগত ৰাভা দিৱসটি অনুষ্ঠিত হয় । ধৰ্মপ্ৰাণ ব্যক্তি ৰঘুনাথ বৰা আৰু বিদ্যালয়খনিৰ প্ৰধান শিক্ষক শান্তনু কুমাৰ শইকীয়াই বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ,বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ পুৱা কলংপৰীয়া বকুলতল শিশু সাংস্কৃতিক সংঘৰ সভাপতি ৰিপামণি বৰাই আঁত ধৰা “মনৰ কথা” শীৰ্ষক অনুষ্ঠানটিত উত্তৰ পেটবঢ়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সোমেশ্বৰ দাস, নৱদীপ ছেত্ৰী,ভদ্ৰেশ্বৰী দাস, ৰঞ্জনা বৰুৱা,সোনমণি শইকীয়া, মিনু দেৱী শইকীয়া,ভাৰতী বৰা ৰাজবংশী,অৰ্ণপ্ৰভা বৰা,জানমণি বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে । ইয়াৰ পাছতে বিষ্ণুপ্ৰসাদ ৰাভা বিশেষ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিশিষ্ট কবি তথা শিশু সাহিত্যিক দুৰ্গেশ্বৰ বৰকটকীয়ে । যুৱ কবি তথা সংবাদসেৱী ৰূপম নাথে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতাৰ আবৃত্তি,গীত পৰিবেশন আৰু ৰাভাদেৱৰ গীতত নৃত্য পৰিবেশন কৰে ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন বয়সৰ শিল্পীসকলে । লগতে ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষ্ণুপ্ৰসাদ ৰাভা বিষয়ক “বিষ্ণুৰাভা এতিয়া কিমান ৰাতি” শীৰ্ষক কবিতাটিৰ আবৃত্তিৰে অনুষ্ঠানৰ সামৰণি মাৰে বিশিষ্ট কবি মদাৰজ্যোতিয়ে । কলংপৰীয়া বকুলতল শিশু সাংস্কৃতিক সংঘৰ সম্পাদক পবিত্ৰ বৰা,সহকাৰী সম্পাদক বিক্ৰম বৰা আৰু বনচাই মুকলি পুথিভঁৰালৰ কৰ্মকৰ্তাই শ্ৰোতা-দৰ্শক ৰাইজৰ বিপুল সঁহাৰিৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে । উল্লেখ্য যে ডিফলু আৰু উত্তৰ পেটবঢ়াৰ ৰাভা দিৱসৰ দুয়োটা কাৰ্যসূচীত শিশুৰ গীত-মাতে অঞ্চল দুটি মুখৰিত কৰি তোলে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version