Site icon Guwahati Times

ৰাইদঙীয়া-নগাঁও পথৰ দাঁতিত গছ পুলি ৰোপণ ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ

নিউজ ব্যুৰ’,নগাঁও,২২জুন:–মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি নগাঁও জিলাৰ বটদ্ৰৱা থান হৈ ধিং বজাৰলৈ নিৰ্মাণ হৈ থকা নৱনিৰ্মিত পথৰ দাঁতিত গছ পুলি ৰোপনৰ কাৰ্যসূচী চলি আছে । এই গছ পুলি ৰোপণ কাৰ্যসূচী যোৱা ১৯ জুনত বটদ্ৰৱাৰ সমীপৰ ৰাইডঙীয়াত আৰম্ভ হৈছে । প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঐশ্বৰীয় বিশ্ববিদ্যালয়ৰ ৰাইডঙীয়া শাখাৰ উদ্যোগত আৰম্ভ হোৱা গছ পুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ নগাঁও, মৰিগাঁও,হোজাই জিলাৰ মুখ্য সঞ্চালিকা চৰিতা ভগ্নীয়ে । অনুষ্ঠানটিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ব্ৰজেন কাকতি, মামনি ভগ্নী,পাৰ্থ প্ৰতিম বৰকটকী, ৰাইডঙীয়াৰ গাঁও প্ৰধান নিতুল বৰদলৈ, প্ৰকৃতিপ্ৰেমী যুৱক শংকৰ জ্যোতি শৰ্মা, শিক্ষক বুধেন চন্দ্ৰ বৰা,বাবুল কলিতাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। উল্লেখ্য যে ১৯ জুনৰ পৰা নেৰানেপেৰাকৈ হৈ থকা বৰষুণৰ বাবে ছেগ বুজি ৰাইডঙীয়াৰ পৰা নগাঁও সংযোগী পথটিত নিতৌ কৃষ্ণচূড়া,ৰাধাচূড়া,আঁহত,জামুক,বকুল আদি বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কাৰ্যসূচী চলি আছে । প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ এনে মহান প্ৰয়াসক সকলোৱে একেমুখে প্ৰসংশা কৰিছে ।ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version