Site icon Guwahati Times

নাজিৰাত মেঠনচোৱাত সুখ্যাতিৰে উত্তীৰ্ণ মেধাৱী শিক্ষাৰ্থীক সম্বৰ্দ্ধনা…

 

নাজিৰা মহকুমাৰ অন্তৰ্গত বিহুবৰ মেঠনচোৱা দীপজ্যোতি পুথিভঁৰালৰ উদ্যোগত আজি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২৪ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাই এক সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দীপজ্যোতি পুথিভঁৰালে ধাৰাবাহিকভাৱে বিগত দহ বছৰ ধৰি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনাই আহিছে । বিহুবৰ মেঠনচোৱা গাঁৱৰ ৰঙ্গমঞ্চত আয়োজিত এই সম্বৰ্দ্ধনা অনুষ্ঠানত মহেন্দ্ৰ গগৈ,চেনিৰাম সন্দিকৈ,চুচেন গগৈ, মিতালী গোস্বামী, অচ্যুৎ কলিতা, নাৰায়ণ চৰাইমুৰীয়া, কিশোৰ সোণাৰ, গংগামণি পাণ্ডা, সুবিৰ মেচ, ধ্ৰুৱ শইকীয়া, জ্যোতি বৰগোহাঁই, জোনটি শইকীয়া, অৰবিন্দ বৰুৱা, মিন্টু শইকীয়া,দীপজ্যোতি পুথিভঁৰালৰ বিষয়ববীয়াকে ধৰি স্থানীয় ৰাইজ, বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অনুস্থানত কণমাণি শিল্পী চয়নিকা বসুমতাৰী আৰু বৰ্ণালী গগৈৰ গীতৰ অনুস্থানে জীপাল কৰি তোলে ।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।।

Exit mobile version