Site icon Guwahati Times

৮মাৰ্চত নগাঁও জিলা প্ৰশাসনৰ “স্থানীয় বন্ধ” ঘোষণা

নিউজ ব্যুৰ’,নগাঁও,৬মাৰ্চ:–কাইলৈ ফাল্গু পূৰ্ণিমা । ফাকুৱা উপলক্ষে নগাঁও জিলাৰ ভিন্ন প্ৰান্তত সম্প্ৰতি এক উখল-মাখল পৰিবেশে বিৰাজ কৰিছে । অহা ৮ মাৰ্চ, বুধবাৰে দৌল যাত্ৰা উপলক্ষে নগাঁও জিলা প্ৰশাসনে নগাঁও জিলাত “স্থানীয় বন্ধ” ঘোষণা কৰিছে ।

নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে এক নিৰ্দেশনা জাৰি কৰি এই বন্ধ ঘোষণা কৰিছে। শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকে দাখিল কৰা আবেদন তথা সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সংঘৰ নগাঁও জিলা সমিতিৰ দ্বাৰা কৰা একেটা অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি নগাঁৱৰ উপায়ুক্তগৰাকীয়ে সেইদিনা সমগ্ৰ নগাঁও জিলাত “স্থানীয় বন্ধ” হিচাপে ঘোষণা কৰিছে। ঘোষণা অনুসৰি সেইদিনা ৰাজহ আৰু দণ্ডাধীশ আদালত বা চৰকাৰী সকলো কাৰ্যালয় আৰু সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। অৱশ্যে এই বন্ধৰ ফলত জৰুৰীকালীন সেৱা আৰু বিভিন্ন ধৰণৰ পৰীক্ষা বা লিখিত পৰীক্ষা বা সাক্ষাৎকাৰ আদিৰ সৈতে জড়িত অন্যান্য সকলো কৰ্তব্য আৰু সেৱা আৰু ইয়াৰ সৈতে জড়িত আনুষংগিক সেৱাৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰে।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version