Site icon Guwahati Times

নগাঁৱৰ বঢ়মপুৰত ‘৪২ৰ শ্বহীদ লক্ষী হাজৰিকাৰ ১১৬ সংখ্যক জন্ম দিৱস উদ্‌যাপনৰ প্ৰস্তুতি

নিউজ ব্যুৰ’,নগাঁও,২৮জুন:–নগাঁও জিলাৰ মুক্তিযুৃঁজাৰু ভৱনত অহা ৭ জুলাইত দিনযোৰা কাৰ্য্যসূচীৰে উদ্‌যাপিত হ’ব ‘৪২ৰ অমৰ শ্বহীদ লক্ষী হাজৰিকাৰ ১১৬ সংখ্যক জন্ম দিৱস ৷ শ্বহীদ গৰাকীৰ জেষ্ঠপুত্ৰ তথা নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ বৰ্তমানৰ সভাপতি যতীন্দ্ৰনাথ হাজৰিকা আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ব্যৱস্থাপনাত তথা নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া উক্ত অনুষ্ঠানৰ কাৰ্য্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপন,শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছতে এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হ’ব ৷ নগাঁৱৰ ঐতিহাসিক বঢ়মপুৰত ১৯৪২চনৰ ১৮ চেপ্তেম্বৰত বৃটিছ সেনা জোৱানৰ গুলীত নিহত হোৱা চাৰি গৰাকী বীৰ-বিৰাংগনা সহ অবিভক্ত নগাঁৱৰ পঞ্চবীৰ শ্বহীদ তথা নগাঁৱৰ স্বতন্ত্ৰতা সেনানী (মুক্তিযোদ্ধা) সকলৰ পবিত্ৰ স্মৃতি চিৰ সেউজ কৰি ৰাখিবলৈ প্ৰত্যেকৰে নামত ৰাজহুৱা স্থানত একোজোপাকৈ “সোঁৱৰণি বৃক্ষ ৰোপন”ৰ এক বৰ্ষযোৰা কাৰ্য্যসূচী উক্ত দিনতে শুভাৰম্ভ কৰা হ’ব ৷ লগতে সেই সকল পূণ্যাত্মাৰ জীৱন আধাৰিত পুস্তিকা প্ৰকাশৰ অংশ হিচাপে ত্ৰৈলোক্য ভট্টাচাৰ্যৰ সম্পাদনাত শ্বহীদ লক্ষী হাজৰিকাৰ স্মৃতিত “বট বৃক্ষৰ ছাঁত তেজৰ চিটিকণি” নামৰ প্ৰথমখনি পুস্তিকা প্ৰকাশৰ দিহা কৰা হৈছে ৷ পুস্তিকাখন উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক ডা° ঋষেশ্বৰ ঠেঙালে ৷ সকলোৰে উপস্থিতি উদ্যোক্তা সকলে বিনম্ৰতাৰে কামনা কৰিছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version