Site icon Guwahati Times

বেবেজীয়াত বিশিষ্ট নাগৰিকৰ ঘৰে ঘৰে গৈ বন্ধন বেংকৰ নৱবৰ্ষৰ ওলগ

নগাঁও জিলাৰ বেবেজীয়া চাৰিআলিস্থিত বন্ধন বেংকৰ তৰফৰ পৰা অ‌‌ঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল ক্ৰমে ডিমৌ চাৰিআলিৰ বাসিন্দা তথা ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস,বেবেজীয়াৰ জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা, বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথ আৰু বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কল্যাণ গগৈক বুধবাৰে বন্ধন বেংকৰ বেবেজীয়া শাখাৰ তৰফৰ পৰা নৱবৰ্ষৰ ওলগ জনোৱাৰ লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে । বন্ধন বেংকৰ বেবেজীয়া শাখা পৰিচালক নিৰঞ্জন বৰা আৰু তেখেতৰ বেংকৰ সহযোগী বিষয়া অতুল মাৰ্জিয়ে উক্ত ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ একোখনকৈ ফুলাম গামোচা আৰু ডায়েৰীৰে ওলগ জনায় ।

উল্লেখযোগ্য যে বন্ধন বেংকৰ দ্বাৰা পৰিচালিত হৈ অহা ইতিমধ্যে অঞ্চলটোত বহু দৰিদ্ৰ মহিলাই উক্ত বেংকৰ পৰা ঋণ লৈ নিজৰ অভাৱ সমস্যা সমূহ দূৰ কৰাৰ লগতে এক অৰ্থনৈতিক বুনিয়াদ গঢ়ি তুলিছে । বন্ধন বেংকৰ ‌পৰা ঋণ লৈ নিজৰ ল’ৰা-ছোৱালীক,পুত্ৰ সন্তানক পঢ়োৱা লিখোৱাৰ লগতে ঘৰৰ উপাৰ্জনক্ষম ব্যক্তিজনক বিভিন্ন ক্ষেত্ৰত স্বাৱলম্বিতাৰে ব্যৱসায়- বাণিজ্যিত আগবঢ়ি যাবলৈ এই ক্ষেত্ৰত বন্ধন বেংকৰ পৰা ঋণ লৈ অঞ্চলটোৰ মহিলাসকল যথেষ্ট উপকৃত হৈছে । বন্ধন বেংকৰ এই কাৰ্যত স্থানীয় ৰাইজে বেংকৰ বিষয়াকে ধৰি সমূহ কৰ্মচাৰী সকলৰ প্ৰতি শলাগ লয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version