অসম আৰোগ্য নিধিলৈ নগাঁও জিলা যুৱ কংগ্ৰেছ আৰু NSUIৰ সাহায্য – Guwahati Times

অসম আৰোগ্য নিধিলৈ নগাঁও জিলা যুৱ কংগ্ৰেছ আৰু NSUIৰ সাহায্য

ক’ৰ’না সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ অসম আৰোগ্য নিধিলৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সহায়ৰ হাত আগবঢ়াই থকাৰ সময়তে নগাঁও জিলা যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ তৰফৰ পৰাও ৩০ হাজাৰ টকাৰ চে’ক প্ৰদান কৰা হয় ।

শনিবাৰে নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে এই চে’ক আৰোগ্য নিধিলৈ প্ৰেৰণ কৰা হয় ।

এই চে’ক প্ৰদানৰ অনুষ্ঠানত নগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি আজহাৰ আলি আহমেদ আৰু এন এছ ইউ আইৰ ৰাজ্যিক মুখপাত্ৰ তানজিল হুছেইনো উপস্থিত থাকে ।

ইফালে এই প্ৰসংগতে লকডাউনৰ সময়ত সাহায্য বিতৰণৰ নামত ৰাজনীতিকৰণ নকৰিবলৈ নগাঁও জিলা যুৱ কংগ্ৰেছে অনুৰোধ জনায় ।

error: Content is protected !!