Guwahati Times

NAGAON PRINCIPAL ARREST

NAGAON PRINCIPAL ARREST

মৃত্যুৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰাৰ বাবে নগাঁৱত অধ্যক্ষসহ গ্ৰেপ্তাৰ তিনিজন । মৃত্যুৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰি নগাঁৱত ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল অধ্যক্ষসহ তিনিজনকৈ লোক । নগাঁৱৰ ডচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ তপন কুমাৰ বৈদ্যৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জ্যেষ্ঠ সহকাৰী বিষয়া নুৰুল আমিন হাজৰিকা আৰু বিপুল চন্দ্ৰ বৰা নামৰ তিনিজনকৈ লোকক নগাঁৱৰ ননৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ক্ষীৰকান্ত দাস নামৰ এগৰাকী চিকিৎসকৰ অভিযোগৰ ভিত্তিত নগাঁও সদৰ থানাত ৰুজু হোৱা 3974/18 নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় এই তিনিজনকৈ লোকক ।ভাৰতীয় দণ্ডবিধিৰ 120(B) , 182 , 420 আৰু 468 ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা এই তিনিজনকৈ লোকক শনিবাৰে বিয়লি নগাঁও আদালতত হাজিৰ কৰোৱাৰ পিছত জেল হাজোতলৈ প্ৰেৰণ কৰা হয় । উল্লেখ্য যে , নগাঁৱৰ শতবৰ্ষ গড়কা ডচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা বিষয়টোৱে নগাঁৱৰ সৰ্বত্ৰে চৰ্চা লাভ কৰিছে । Adil Shah report, Nagaon.

Exit mobile version