পাঁচ দিন পাঁচ ৰাতি খোজকাঢ়ি নগাঁৱত উপস্থিত গোলাঘাটৰ চাৰি যুৱক।

  • Desk Editor
  • 13th March 2020
  • Comments Off on পাঁচ দিন পাঁচ ৰাতি খোজকাঢ়ি নগাঁৱত উপস্থিত গোলাঘাটৰ চাৰি যুৱক।

অখিল গগৈ আজিও কাৰাৰুদ্ধ । অখিল গগৈক কেতিয়া মুক্তি দিব ? তাৰ সঠিক উত্তৰ কাৰো হাতত নাই ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও অব্যাহত আছে কৃষক নেতাজনৰ মুক্তিৰ দাবীত প্ৰতিবাদ-ধৰ্ণা। ইয়াৰ মাজতে গোলাঘাটৰ পৰা চাৰিজন যুৱকে পদব্ৰজে আগবাঢ়িছে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ।

গোলাঘাট অঞ্চলৰ পিণ্টু গগৈ,হীৰক জ্যোতি শইকীয়া,যতীন ফুকন আৰু প্ৰাঞ্জল বৰাই খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰা আজি পঞ্চমটো দিন ।

পঞ্চম দিনা নগাঁৱত উপস্থিত হোৱাৰ পাছতে চাৰি যুৱকক বিপুল আদৰণি জনায় নগাঁও মহাবিদ্যালয় আৰু আনন্দৰাম মহাবিদ্যালয়ৰ ছাত্ৰগোটে। নগাঁও মাৰোৱাৰীপট্টিৰ পৰা চাৰি যুৱকক আদৰি আনি এখন পথসভা অনুষ্ঠিত কৰে ।

অখিল গগৈক মুক্তি নিদিয়া পৰ্যন্ত অসমৰ জনগণক প্ৰতিবাদ কৰি বিজেপি চৰকাৰ খনৰ অসম বিৰোধী কাম কাজৰ বিপৰীতে মাত মাতি ৰাজপথলৈ ওলাই আহিবলৈ যুৱক কেইজনে আহ্বান জনায়।

error: Content is protected !!