Site icon Guwahati Times

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল নগাঁৱৰ চাৰি খেলুৱৈ

নিজৰ পাৰদৰ্শিতাৰে  ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিলে নগাৱঁৰ চাৰি খেলুৱৈয়ে। নগাঁও চহৰৰ পৰা ১০ কিল’মিটাৰ নিলগৰ ৰণথলি জলাহ গাঁৱৰ সুসন্তান বিদ্যুৎ বৰাই পাৱাৰলিফটিঙত পাৰদৰ্শিতা অৰ্জনেৰে গৃহ জিলা নগাঁৱৰ লগতে ৰাজ্যখনলৈ সন্মান কঢিয়াই আনিছে । অলপতে ছত্তিশগড়ৰ ঢালিৰাজহাৰত “ইণ্ডিয়ান পাৱাৰলিফটিং ফেডাৰেশ্যন”ৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাৱাৰলিফটিং প্ৰতিযোগিতাত বিদ্যুত বৰাই ১২০ কিল’গ্ৰাম শাখাত(জুনিয়ৰ) প্ৰথম স্থান দখল কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে বিদ্যুৎ বৰাই ইয়াৰ পূৰ্বে এই ক্ষেত্ৰৰ যোগেদি ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম বুলিবলৈ সক্ষম হৈছিল ।

উক্ত প্ৰতিযোগিতাখনিত বিদ্যুৎ বৰাৰ লগতে নগাঁও জিলাৰ পৰা আন তিনিগৰাকী খেলুৱৈয়েও পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৫৩ কিল’গ্ৰাম শাখাত (জুনিয়ৰ) মিঠুন বৰ্মনে ৰূপৰ পদক,৬৯ কিল’গ্ৰাম শাখাত(জুনিয়ৰ) বন্তি বৰাই ব্ৰঞ্জৰ পদক,৮৪ কিল’গ্ৰাম শাখাত(জুনিয়ৰ) মৌচুমী বৈশ্যই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে চাৰি খেলুৱৈৰ  সাফল্যত অঞ্চলবাসীৰ লগতে নগাঁওবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version