26 C
Assam
Monday, August 8, 2022

Featured News

নগাঁৱৰ গোমোঠাগাঁৱত ৯বস্তাকৈ চোৰাং শামুক উদ্ধাৰ

নিউজ ব্যুৰ',নগাঁও,৬আগষ্ট:--নগাঁও জিলাৰ ইটাচালী টাউন আৰক্ষী চকীৰ...

BTR CEM Pramod Boro Lauds NTPC GEM Initiative

On Friday, BTR CEM Pramod Boro interacted...

নগাঁৱৰ জাজৰিত শিক্ষক দম্পত্তিৰ ঘৰত ডকাইতি,নগদ ধন, কাপোৰ-কানি লৈ উধাও

Assamese Newsনগাঁৱৰ জাজৰিত শিক্ষক দম্পত্তিৰ ঘৰত ডকাইতি,নগদ ধন, কাপোৰ-কানি লৈ উধাও

নিউজ ব্যুৰ’,নগাঁও,২৭জুলাই :– নগাঁও জিলাৰ বেবেজীয়া সমীপৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত জাজৰিৰ ন-ভেটিত শিক্ষক দম্পত্তিৰ ঘৰত আজি দুপৰীয়া এক ডকাইতিৰ ঘটনা সংঘটিত হয় । ইয়াকে লৈ অঞ্চলটোত চাঞ্চল্যকৰ সৃষ্টি হৈছে । প্ৰাপ্ত বাতৰি মতে জাজৰিৰ ন-ভেটি নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক দম্পত্তি উমেশ বৰুৱা আৰু মীনা শইকীয়া বৰুৱাৰ বুধবাৰে ঘৰত দুপৰীয়া দম্পত্তি হাল নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই তেওঁলোকৰ পিছফালৰ খিৰিকীৰ ৰদ বেঁকা কৰি ভিতৰত প্ৰৱেশ কৰে আৰু বহু মূল্যৱান সম্পত্তি অনিষ্ট কৰাৰ লগতে গডৰেজ আলমিৰাৰ দুৱাৰ ভাঙি নগদ ধন আৰু কাপোৰ- কানিৰ লগতে মূল্যবান অলংকাৰ লৈ উধাও হয়।

ইতিমধ্যে অৱসৰপ্ৰাপ্ত শিক্ষক দম্পতীদ্বয়ে এই সন্দৰ্ভত জাজৰি আৰক্ষী থানাত গোচৰ তৰিছে যদিও বাতৰি লিখা সময়লৈকে কোনো দুৰ্বৃত্তক আৰক্ষীয়ে আটক কৰিব পৰা নাই। উল্লেখ্য যে উক্ত এলেকাত মাজে সময়ে এনেধৰণৰ অসামাজিক দুষ্কাৰ্য সংঘটিত হৈ আহিছে । কিন্তু স্থানীয় আৰক্ষীয়ে বিগত দিনত বিশেষ গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই । সেয়েহে স্থানীয় ৰাইজে আৰক্ষীক এক বিশেষ ভূমিকা লোৱাৰ আহ্বান জনাইছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: