30.2 C
Assam
Wednesday, August 10, 2022

Featured News

Royal Enfield Hunter 350 launched in India

Royal Enfield has finally launched the much-anticipated Hunter...

Minor girl raped near New Delhi railway station, 2 arrested

Two hawkers have been arrested for allegedly...

নগাঁৱত “গান্ধাৰ”ৰ উদ্যোগত সোণসেৰীয়া গীতৰ কৰ্মশালাৰ সামৰণি

Assamese Newsনগাঁৱত "গান্ধাৰ"ৰ উদ্যোগত সোণসেৰীয়া গীতৰ কৰ্মশালাৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,৪আগষ্ট:–নগাঁৱৰ অন্যতম অগ্ৰণী সামাজিক-সাংস্কৃতিক গোষ্ঠী ”গান্ধাৰ”ৰ উদ্যোগত ১৬ সংখ্যক সদৌ অসম অসমীয়া “ন-পুৰণি সোণসেৰীয়া গীতৰ (গায়কী) কৰ্মশালা -২০২২” ৰ কালি আনুষ্ঠানিকভাৱে সফল সামৰণি পৰে । সামৰণি অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে নগাঁৱৰ বিশিষ্ট সমাজ সংগঠক,লেখক ৰঞ্জিত কুমাৰ তামুলী ফুকনে আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰে ভাৰতীয় গণনাট্য সংঘৰ নগাঁও জিলাৰ পৃষ্ঠপোষকদ্বয় যোগেশ্বৰ শৰ্মা আৰু মুকুট ভূঞাই । অনুষ্ঠানটি সঞ্চালনা কৰে লোকসংস্কৃতিৰ সাধক বিষ্ণুৰাম মেধিয়ে । সামগ্ৰিকভাৱে অনুষ্ঠানটিৰ ”গান্ধাৰ”ৰ প্ৰধান সম্পাদক প্ৰদীপ বৰাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথ ।

কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষণপ্ৰাপ্ত গীতসমূহ পৰিৱেশন কৰাৰ লগতে কণ্ঠশিল্পী তুতুমণি বৰা আৰু পল্লৱী শৰ্মাই গীত পৰিৱেশন কৰি সমগ্ৰ অনুষ্ঠানটি জীপাল কৰি তোলে। উক্ত অনুষ্ঠানতেই বিশিষ্ট তবলাবাদক প্ৰশান্ত ফুকন আৰু মধুস্মিতা ভট্টাচাৰ্য্যক গামোচা,চেলেং আৰু সম্বৰ্ধনা পত্রৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । ইয়াৰোপৰি সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা কলা শাখাত দশম স্থানপ্ৰাপ্ত মেঘনা বৰা আৰু উচ্চ মাধ্যমিকত ৰাজ্যৰ ভিতৰতে নৱম স্থানপ্ৰাপ্ত নগাঁৱৰ খ্ৰীষ্টজ্যোতি স্কুলৰ ছাত্ৰী উদেষ্ণা বৰদলৈৰ উপৰি কেইবাগৰাকীও ডিষ্টিংচনপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়।

উল্লেখ্য যে স্বৰ্গীয় নূপুৰ শৰ্মাৰ সোঁৱৰণত মিনতি শৰ্মাৰ দ্বাৰা আগবঢ়োৱা অভিনন্দন অনুষ্ঠানত ‘গান্ধাৰ’ৰ তৰফৰ পৰা ১০০ গৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰ বিতৰণ কৰা হয় । ষ্মৰ্তব্য যে উক্ত কৰ্মশালা যোৱা ২৪ জুলাইৰ পৰা নগাঁও নতুন বজাৰস্থিত সংগীত শিল্পী মঞ্চ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল আৰু উক্ত অনুষ্ঠানত যশস্বী কণ্ঠশিল্পী তথা মুম্বাইত প্ৰতিষ্ঠিত কণ্ঠশিল্পী অনিন্দিতা পাল,সুকণ্ঠী গায়িকা ভদস্মিতা ভট্টাচাৰ্য্য,জনপ্ৰিয় গায়ক মৃণাল কান্তি ভূঞা,উদীয়মান গায়ক সীমান্ত কাকতি,মধুস্মিতা দাস আদিয়ে প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: