Site icon Guwahati Times

নগাঁৱৰ ঘাঁহীত কৈৱৰ্ত্ত সাহিত্য আৰু সাংস্কৃতিক সভা,অসমৰ নগাঁও জিলা সমিতিৰ উদ্যোগত সতী ৰাধিকা উৎসৱ উদযাপন

কৈৱৰ্ত্ত সাহিত্য আৰু সাংস্কৃতিক সভা অসমৰ,নগাঁও জিলা সমিতিৰ উদ্যোগত ঘাঁহী,দক্ষিণপাট,ননৈ, দক্ষিণপাট,ম’হমৰীয়া,বেবেজীয়া, হাতীগাঁও,জাগীয়াল,তুলসীমুখ,ৰহাভাটিকুৰি,উজনিকুৰি,পেটবঢ়া আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ কৈৱৰ্ত্ত ৰাইজ তথা অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদ আৰু সদৌ অসময়া কৈৱৰ্ত্ত সন্মিলনীৰ নগাঁও জিলা সমিতিৰ সহযোগত সোমবাৰে ঘাঁহী চাৰিআলিস্থিত ৰাজহুৱা ভৱনত দিনযোৰা কাৰ্যসূচীৰে মহাপুৰুষ শংকৰদেৱৰ একনিষ্ঠ সেৱক মহিয়সী নাৰী সতী ৰাধিকা আইৰ জন্ম জয়ন্তী উৎসৱ উদযাপন কৰা হয় ৷ সতী ৰাধিকাৰ জন্ম জয়ন্তী উৎসৱটিৰ লগত সংগতি ৰাখি পুৱা ৮ বজাত পতাকা উত্তোলন কৰে নগাঁও জিলা কৈৱৰ্ত্ত সাহিত্য আৰু সাংস্কৃতিক সভাৰ সভাপতি ৰেৱকান্ত দাসে ৷ ইয়াৰ পাছতে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে শিক্ষাবিদ টংকেশ্বৰ দাস,অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডিম্বেশ্বৰ দাস, সমাজসেৱিকা নিৰলা দাস, অভ্যথৰ্না সমিতিৰ কাৰ্যকৰী সভানেত্ৰী ভদ্ৰা দাস,সমাজসেৱিকা যোগপ্ৰভা দাস আদিয়ে ৷ পুৱা ৯ বজাত স্থানীয় ৰাইজ,আইসকল তথা যুৱক-যুৱতীৰসকলৰ দ্বাৰা উলিওৱা হয় এটি সাংস্কৃতিক শোভাযাত্ৰা ৷ দিনৰ ১১ বজাৰ পৰা সমাজসেৱক ঘনকান্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনি উদ্বোধন কৰে কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভাৰ কেন্দ্ৰীয় সভাপতি বিশিষ্ট সাহিত্যিক সুতৰাম দাসে ৷ সভাত
কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভাৰ কেন্দ্ৰীয় নেতৃত্বসকল, কাৰ্যকৰী সভাপতি তিলক চন্দ্ৰ দাস,উপ-সভাপতি হেমন্ত কুমাৰ দাস,লক্ষীৰাম হাজৰিকা,প্ৰধান সম্পাদক জিতুল দাস,বিশিষ্ট কবি ৰূপালী দাস,ডিব্ৰুগড় জিলাৰ সভানেত্রী সংগীতা ভড়ালী, সম্পাদক বাৰীন্দ্ৰ দাস,শ্ৰী শ্ৰী কোবাইকটা সত্রৰ পৰিচালনা সমিতিৰ সভাপতি যামিনী চন্দ্ৰ দাসকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকি মহীয়সী মহিলা
সতী ৰাধিকা আইক স্মৰণ কৰি সতী ৰাধিকাৰ জীৱন দৰ্শনৰ বিষয়ে সভাত আলোকপাত কৰে ৷ গণশিল্পী সূৰ্য্য দাসে ভাৰতৰত্ন তথা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক স্মৰণ কৰি বৰ্তমান সমাজত অসমৰ গাঁৱে ভূঞে নিৰ্মাণ হোৱা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি সমূহক লৈ চিন্তিত বুলি নিজৰ ক্ষোভ উজাৰি কয় যে ভুপেন দাৰ মাতত চকুলো সৰে ৷ ভুপেন দাৰ মাতত হাঁহি বিৰিঙে ৷ ভুপেন দাৰ মাতত মৌ বৰষে ৷ গতিকে ভূপেন দাৰ প্ৰতিমূৰ্তিসমূহ নিৰ্মাণ কৰোঁতে আমি সদায় সজাগ সচেতন হৈ নিৰ্মাণ কৰিব লাগে ৷ বহু ঠাইত নিৰ্মাণ হোৱা ভূপেন দাৰ প্ৰতিমূৰ্তি সমূহ দেখিলে আমাৰ মনত দুখ লাগে ৷ আমাৰ বেজাৰ লাগে ৷ দাসে লগতে আৰু কয় যে আমি
গান বাজনা কৰিলেই নহ’ব আমি আমাৰ সংস্কৃতি জীয়াই ৰাখিব লাগিব । সতী ৰাধিকাৰ জীৱন দৰ্শনৰ লগত ৰজিতা খোৱাই দাসে লগতে কয় যে নাৰীয়ে মোৰ অসম খনক জীয়াই ৰাখিব লাগিব ৷ মোৰ দেশখনক জীয়াই ৰাখিব লাগিব আজিৰ নাৰী সমাজে ৷ নাৰীয়েই আজিৰ স্বামী সকলক পৰিৰ্ৱতন আনিব লাগিব ৷ সভাত “বৰ্তমান নাৰী সমাজত সতী ৰাধিকাৰ প্ৰাসংগিকতা” শীৰ্ষক বিষয়ত নিৰ্দ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় নগাঁও জিলা জনসংখ্যা সমাধান সমিতিৰ জিলা সংৰক্ষক ৰঞ্জনা দাসে। এই অনুষ্ঠানতে ৰাহুল দেৱ বৰদলৈৰ সম্পদনাত প্ৰকাশিত জিলা কৈৱৰ্ত্ত সাহিত্য আৰু সাংস্কৃতিক সভাৰ বাৰ্ষিক মুখপত্র  “ৰাধিকা” উন্মোচন কৰে সমাজসেৱক ঘনকান্ত দাসৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তি সকলে ৷ সন্ধ্যা বন্তি প্ৰজ্বলন আৰু সন্ধ্যা ৬ বজাৰ পৰা স্থানীয়ভাৱে বিভিন্ন লোকসংগীতৰ মনোমোহা সমাহাৰেৰে অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান ।

 

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version