Site icon Guwahati Times

নগাঁৱত নাট্যকাৰ গুণদা গোস্বামীৰ “কিশোৰৰ নাটমালা” উন্মোচন

নগাঁও জিলা সাহিত্য সভাৰ আগন্তুক সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বিশিষ্ট নাট্যকাৰ,অৱসৰপ্রাপ্ত শিক্ষয়িত্ৰী গুণদা গোস্বামীৰ ৰচিত “কিশোৰৰ নাটমালা” নামৰ এখনি নাট্যগ্ৰন্থ কালি নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী তোদী স্মৃতি ভৱনত উন্মোচন কৰা হয় । নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ,পৰিচালক সপোনটি বৰদলৈয়ে । গ্ৰন্থখনি উন্মোচন কৰি ভাষণ প্ৰসংগত বৰদলৈয়ে নাটকৰ বিভিন্ন দিশ ব্যাখ্যা কৰি কয় যে বৰ্তমান অসমত মৌলিক নাটকৰ সংখ্যা কম। নাটকে সদায় সমাজলৈ ভাল বাৰ্তা প্ৰেৰণ কৰি আহিছে । অনুষ্ঠানত বিশিষ্ট নাট্যশিল্পী,পৰিচালক পূণ্যদা বৰাই গ্ৰন্থখনৰ সমীক্ষা আগবঢ়াই কয় যে গুণদা গোস্বামীৰ নাটকৰ এক সুকীয়া বৈশিষ্ট্য আছে । তেওঁৰ নাটকত শিশু প্ৰভাৱিত কৰিব পৰা উপাদান সন্নিৱিষ্ট হৈ আছে । অনুষ্ঠানত ”কলংপাৰ” কাকতৰ মুখ্য সম্পাদক গুৰমাইল সিং, নগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি ঠগিত মহন্ত, নাট্যকাৰ অজিত বৰঠাকুৰ, সমজুৱাৰ ফালৰ পৰা শিক্ষয়িত্ৰী চাৰু বণিয়া,লেখক পুলকানন্দ কৌশিক আদিয়েও ভাষণ প্ৰদান কৰে । লেখক ভৱেশ মেধি,শিল্পী ৰঞ্জন বেজবৰুৱা,”কলংপাৰ” কাকতৰ সম্পাদক ভবেন বৰা, তাৰিণী শৰ্মা,হিৰণ্য বল্লভ গোস্বামী, লেখিকা শুৱনি গোস্বামী,অনিল শৰ্মা,দীপিকা নাথ,স্মৃতি কলিতাকে ধৰি শতাধিক সাহিত্যানুৰাগী লোকৰ উপস্থিতি থকা অনুষ্ঠানতে হৰ্ষিত কুমাৰ ৰাজখোৱা আৰু দৰ্শিত কুমাৰ ৰাজখোৱাই কবিতা পাঠ কৰে । নাট্যকাৰ গুণদা গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে বাগেশ্ৰী কৌশিকে মঙ্গলাচৰণ পৰিবেশনেৰে শুভাৰম্ভ কৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version