গল্পকাৰ জ্যোতিষ শিকদাৰলৈ ক্ৰান্তিকাল সাহিত্য সন্মান– ২০২২

1 min read

নিউজ ব্যুৰ’,নগাঁও,৯জানুৱাৰী:–২০১১ চনৰ পৰা শিৱকান্ত- ক্ৰান্তিকাল ট্ৰাষ্টৰ উদ্যোগত নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে প্ৰদান কৰি অহা ”ক্ৰান্তিকাল সাহিত্য সন্মান -২০২২” ৰাজ্যখনৰ বিশিষ্ট গল্পকাৰ জ্যোতিষ শিকদাৰলৈ আগবঢ়োৱা হৈছে । এই কথা শিৱকান্ত- ক্ৰান্তিকাল ট্ৰাষ্টৰ হৈ কৈলাশ ৰাজখোৱা আৰু অৰিন্দম বৰকটকীয়ে সোমবাৰে নগাঁৱত সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে । উল্লেখ্য যে ১৯৫৭ চনত গুৱাহাটীত জন্মগ্ৰহণ কৰা জ্যোতিষ শিকদাৰে স্কুলীয়া আৰু কলেজীয়া শিক্ষা গুৱাহাটীতে সাং কৰি ১৯৭৮ চনত কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে । শিকদাৰে দুই দশকৰ ওপৰ কাল একেৰাহে গল্প লেখা কামতে নিজকে নিয়োজিত কৰিছে। শিকদাৰৰ গল্প প্ৰান্তিক,গৰীয়সী,সাতসৰী,অন্যান্য পূজা সংখ্যা আৰু বিহু সংখ্যা আলোচনীসমূহত প্ৰকাশ হৈছে। মানৱ জীৱনৰ অস্তিত্বৰ সংকট আৰু বিভিন্ন মানৱীয় অৱস্থাৰ দিশসমূহ তেওঁৰ গল্পৰ মূল উপজীব্য হৈ পৰিছে । তেওঁৰ প্ৰকাশিত গল্প সংকলন ”গান ভাল পোৱা ছোৱালীজনী'(১৯৮৯),”স্বপ্ন, বিষাদ,জীৱন”(১৯৯৬),”সেউজীয়া পুখুৰী”(১৯৯৮),”শৈশৱ”(১৯৯৮), “ফুলবোৰ যেতিয়া সৰি পৰে” (২০০২)”ভেনাচৰ প্ৰতিমূৰ্তি” (২০০৬) । অসম সাহিত্য সন্মিলনৰ “জীৱনজোৰা সাধনা বঁটা” ২০১৬ চনত তেওঁ লাভ কৰিছে । উল্লেখযোগ্য যে ইতিপূৰ্বে কবীন ফুকন,আনন্দ চন্দ্ৰ দত্ত, প্ৰণৱজ্যোতি ডেকা,অনিল ৰায়চৌধুৰী,জ্ঞান পূজাৰী,বসন্ত ডেকা,সনন্ত তাঁতী,ৰফিকুল হুছেইন,খগেন গগৈ আৰু মনোৰম গগৈয়ে “ক্ৰান্তিকাল সাহিত্য সন্মান” লাভ কৰিছে ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author