গুৱাহাটী, ২৯ মাৰ্চ: আজি প্ৰতিকূল বতৰকো নেওচি নলবাৰীৰ চামতাত এক বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। ভাৰতীয় জনতা পাৰ্টীৰ ৩ গৰাকী প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
গৃহমন্ত্ৰী অমিত শ্বাহক মঞ্চলৈ আদৰণি জনায় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। প্ৰতিকূল বতৰকো নেওচি সভাত উপস্থিত থকা হাজাৰ হাজাৰ জনতাক মন্ত্ৰী তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্লবৰুৱাই ধন্যবাদ জ্ঞাপন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিশাল জনসভা সম্বোধন কৰি দিয়া ভাষণত লাচিত বৰফুকন, লোকপ্রিয় গোপীনাথ বৰদলৈক স্মৰণ কৰে। ভাষণত গৃহমন্ত্ৰীগৰাকীয়ে নলবাৰীৰ ঐতিহাসিক ৰাস, ওজা পালিৰ প্ৰসংগ উল্লেখ কৰে। নলবাৰীৰ ৰাস, ওজা পালিৰ সুবাস গুজৰাটলৈ বিয়পি থকা বুলি উল্লেখ কৰে। অনুপ্রৱেশকাৰীমুক্ত অসমৰ প্ৰতিশ্ৰুতিৰে অনাগত ৫ বছৰত এটা এটাকৈ অনুপ্রৱেশকাৰীক চিনাক্ত কৰি বিতাড়ন কৰা হ’ব বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। যোৱা দহ বছৰে কাজিৰঙাৰ সুৰক্ষাৰ বাবে কাম কৰিলোঁ বুলিও ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ লগতে অমিত শ্বাহে সন্ত্রাসবাদ সমাপ্ত কৰি মূল সুঁতিলৈ ১০হাজাৰ যুৱকক ঘূৰাই অনাৰ প্ৰসংগ দোহাৰে। বিজেপি চৰকাৰৰ দিনত এটাও বিস্ফোৰণ সংঘটিত নোহোৱাৰ কথা দোহাৰি কৰি ৰাজ্যলৈ শান্তি-শৃংখলা ঘূৰি অহাৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে। নলবাৰীল অসমৰ নৱদ্বীপ আখ্যা দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। বিজেপি পুনৰ শাসনলৈ আহিলে প্রতিখন জিলাতে অভিযান্ত্রিক কলেজ, ৪লাখ কোটি টকাৰ উদ্যোগ স্থাপনৰ প্ৰতিশ্ৰুতি দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

