fbpx

‘লাভ ইউ মা, লাভ ইউ দেউতা, ভাইটিক ভালদৰে পঢ়াবা’

কিশোৰীগৰাকীৰ গোৰেশ্বৰৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। সোমবাৰে কিশোৰীগৰাকীৰ ঘৰলৈও আহিছিল যুৱকজন।

নলবাৰী চাঞ্চল্যকৰ ঘটনা। ৰে’লৰ আগত থিয় হৈ নিজকে শেষ কৰি পেলালে এগৰাকী কিশোৰীয়ে। নলবাৰীৰ বৰকুৰা ৰে’লগে’টত সংঘটিত হৈছে এই ঘটনা। কেইবাটাও টিকটক ভিডিঅ’ বনাই তাৰ পিছতে উজনিমুৱা শ্ৰমিক এক্সপ্ৰেছৰ আগত থিয় হয় কিশোৰীগৰাকী। কিশোৰীগৰাকীৰ ঘৰ নলবাৰীৰ বগলছ ৰোডত।

টিকটক ভিডিঅ’কেইটা প্ৰত্যক্ষ কৰিও প্ৰেমজনিত কাৰণতে কিশোৰীগৰাকীয়ে এই চূড়ান্ত সিদ্ধান্ত লোৱা বুলি অনুমান কৰা হৈছে। এটা ভিডিঅ’ত কিশোৰীগৰাকীয়ে কৈছে – ‘মৰিবৰ মন নাই জানা, বুকুখন কঁপি আছে, কিন্তু উপায়ো নাই ন। তাক বহুত ভাল পাইছিলো যে সেইটো কাৰণে…। লাভ ইউ মা, লাভ ইউ দেউতা, তোমালোক ভালকে থাকিবা। ভাইটি আছে, ভাইটিক ভালকে পঢ়াবা। বাই।’
আনটো এটা ভিডিঅ’ত কিশোৰীগৰাকীয়ে কৈছে – ‘মৰিবলৈ ভয় লাগে, বাট উপায়ো নাই, মোৰ মা–দেউতাৰো একো ভুল নাই হা ফ্ৰেণ্ডছ। বহুতকে মিছ কৰিম, বেয়াও লাগিছে। সকলোৱে ভালে–কুশলে থাকক আৰু দেই, বাই, হাঁহিমুখে যাব ওলাইছো।’
আন এটা ভিডিঅ’ত কিশোৰীগৰাকীয়ে উল্লেখ কৰিছে – ‘সবেই কৈ আছে এইবিলাক নকৰিবা নকৰিবা। বাট উপায় নাই অ’। মোৰ লাইফ, মানে মই যাক ভাল পাওঁ সিয়ে গুচি গ’ল, আৰু মই থাকি কি লাভ…। ট্ৰেইন আহিব আৰু, অলপ ৱেইট কৰি আছো। বাই অল ফ্ৰেণ্ডছ, লাভ ইউ অল।’

অধিক পঢক নিউজ ১৮ অসমত

error: Content is protected !!