এক দুখলগা ঘটনা। বিয়াৰ আশা মনত লৈ কইনাৰ সাজ পিন্ধাৰ পূৰ্বেই এই সংসাৰৰ পৰা অকালতে বিদায় ল’লে নলবাৰীৰ কৰৱী তালুকদাৰে।
অহা ৯ অক্টোবৰত বিয়াৰ দিন ঠিক হৈছিল আৰু ৰুবুল দত্তৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলাৰ কথা আছিল কৰৱীৰ। কিন্তু বিধিৰ বিপাক, বিয়াৰ পূৰ্বেই এই সংসাৰ এৰি গুচি গ’ল ২৫ বছৰীয়া কৰৱী।
বিয়াৰ বাবে ইতিমধ্যে পূৰ্ণ গতিত চলিছিল প্রস্তুতিও। পৰিয়াল, বন্ধু-বান্ধৱীক বিয়াৰ নিমন্ত্রণ দিয়া কার্যও চলি থকাৰ সময়তে, হৃদৰোগত আক্ৰান্ত হৈ শনিবাৰে(১৬ ছেপ্টেম্বৰ) পুৱা GMCHত মৃত্যুক সাৱটি লয় কৰৱীয়ে।
যুৱতীগৰাকীৰ এনে অকাল বিয়োগৰ খবৰ বিয়পি পৰা লগে লগে বৃহত্তৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

