Site icon Guwahati Times

Namrata Borah Case: ওলাইছে এটাৰ পিছত আন এটা বুকু কঁপি উঠা তথ্যওলাইছে এটাৰ পিছত আন এটা বুকু কঁপি উঠা তথ্য

বাৰে বাৰে সলনি হৈছে দৃশ্যপট। সম্ভাৱনাময়ী নম্ৰতাৰ মৃত্যুক এতিয়া কেৱল ৰহস্য আৰু ৰহস্য। দাবী কৰা অনুসৰি দুৰ্ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে লাভ কৰিছে এটাৰ পিছত আনটো ৰহস্য।

সময় বাগৰাৰ লগে লগে অধিক ঘনখোৰ ৰহস্যৰ মাজত সোমাই পৰিছে অধিবক্তা নম্ৰতা বৰাৰ মৃত্যুকাণ্ড। ফাদিল হৈছে এটাৰ পিছত আনটো বিস্ফোৰক তথ্য। অসমৰ মুখ্যমন্ত্ৰীৰ অনুৰোধত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নিৰ্দেশ পাই নম্ৰতা কাণ্ডৰ তদন্ত অধিক ক্ষিপ্ৰ হৈছে নংপো আৰক্ষী।

ইতমধ্যে মেঘালয় আৰক্ষীয়ে সংগ্ৰহ কৰিছে যোৰাবাট-শ্বিলং পথত থকা ২০টাকৈ অধিক CCTV কেমেৰাৰ ভিজুৱেল। নম্ৰতা বৰাৰ ৪ বন্ধুৱে দিয়া স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অনুসন্ধানত দুৰ্ঘটনা সংঘটিত হোৱা ঠাইত ৰৈ থকা কোনো ট্ৰাকৰ সম্ভেদ পোৱা নাই তদন্তকাৰী আৰক্ষীয়ে।

নংপো অসামৰিক চিকিৎসালয়ত বুধবাৰে নম্ৰতাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল। শেহতীয়াকৈ পোষ্টমৰ্টেম ৰিপ’ৰ্টৰ প্ৰাথমিক তথ্যত সন্দেহজনক ভাৱে চকু দিছে আৰক্ষীয়ে। হাইৱে’ পাৰত ৰৈ থকা ট্ৰাকত হোণ্ডাই বাহনখনে তীব্ৰবেগত খুন্দাত থিতাতে নম্ৰতা ঢুকাল যদিও, ৰহস্যজনকভাৱে নম্ৰতাৰ লগত থকা ৪ বন্ধুৰ এজনেও আঘাত নোপোৱা।

এই কাণ্ডই তদন্তকাৰী আৰক্ষীক অধিক চিন্তাত পেলাইছে। ইতিমধ্যে এই ৰহস্যময় চাঞ্চল্যকৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী আৰক্ষীক দিছে গ্ৰীণ ছিগনেল। মেঘালয় আৰক্ষী থানাৰ লগতে গুৱাহাটীৰ দিছপুৰ আৰক্ষী থানাত নম্ৰতা পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি শীঘ্ৰেই আৰম্ভ কৰিব তদন্ত প্ৰক্ৰিয়া।

Exit mobile version