Site icon Guwahati Times

লণ্ডনত উচ্চ শিক্ষাৰ বাবে যোৱা ভাৰতীয় যুৱতীৰ হত্যা…

বিদেশত হত্যা এগৰাকী ভাৰতীয় যুৱতীক। লণ্ডনৰ ৱেম্বলীত হায়দৰাবাদৰ এগৰাকী ২৭ বছৰীয়া যুবতিক হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যোৱা তেজস্বিনী নামৰ যুৱতীগৰাকীক মঙলবাৰে এজন ব্ৰাজিলিয়ান নাগৰিকে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে লোকজনে তেজস্বনীক ছুৰীৰে আঘাত কৰিছিল।

তেজস্বিনীৰ ঘটনাস্থলীতে মৃত্যু হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, আন এগৰাকী ২৮ বছৰীয়া মহিলাকাকো চুৰীৰে আঘাত কৰিছিল। বৰ্তমান চিকিৎসালয়ত আছে যুৱতীগৰাকী।

উল্লেখ্য যে, তেজস্বনীয়ে বন্ধুৰ সৈতে বাস কৰিছিল। সেই একেই ঠাইতে প্ৰায় এসপ্তা পূৰ্বে আহিছিল ব্ৰাজিলিয়ান লোকগৰাকী। এই ঘটনা সন্দৰ্ভত দুজনক আটক কৰা হৈছে যদিও এতিয়ালৈকে হত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।

Exit mobile version