Site icon Guwahati Times

পৃথ্বী শ্ব’কলৈ ভোজপুৰী অভিনেত্ৰী স্বপ্না গিলৰ অন্য এক অভিযোগ

পৃথ্বী শ্ব’ৰ বহু চৰ্চিত চেলফি বিতৰ্ক অব্যাহত আছে । ভোজপুৰী অভিনেত্ৰী স্বপ্না গিলে ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে আন এক অভিযোগ উত্থাপন কৰি কয় যে তেওঁ কেতিয়াও চেলফি উঠিব বিচৰা নাছিল আৰু শ্ব’ক চিনি পোৱা নাছিল। অভিনেত্ৰীগৰাকীয়ে পুনৰ সমগ্ৰ ঘটনাটোত নিজৰ পক্ষৰ কাহিনী বৰ্ণনা কৰে। তেওঁ লগতে অভিযোগ কৰে যে পৃথ্বীয়ে তেওঁৰ ব্যক্তিগত অংগত স্পৰ্শ কৰি তেওঁক আঘাত কৰিছিল।

আনহাতে তেওঁৰ অধিবক্তাই এই কাণ্ডৰ আইনী দিশৰ বিষয়ে অৱগত কৰে আৰু বিষয়টোক লৈ আৰক্ষীয়ে সঠিক তদন্ত চলোৱাৰ ওপৰত আস্থা প্ৰকাশ কৰে। পৃথ্বী শ্ব’ই এইফালে অভিনেত্ৰীগৰাকীয়ে জোৰকৈ চেলফি বিচৰাৰ অভিযোগ উত্থাপন কৰে । এতিয়া এই অভিযোগে অন্য এটা দিশহে গৈ পাইছে স্বপ্না আৰু পৃথ্বীয়ে দুয়োৰে দোষবোৰ ইজনে সিজনক স্থানান্তৰিত কৰি আহিছে ।

Exit mobile version