Site icon Guwahati Times

কোকৰাঝাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত জেষ্ঠ সংবাদ দাতাৰ সন্মান চিৰাং জিলাৰ ভৃগু মুনি ৰায়ক

বি টি চিৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত তথা বি টি এ ডি সাংবাদিক সন্থা আৰু কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সহযোগত কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত চিৰাং জিলাৰ জেষ্ঠ সংবাদ দাতা ভৃগু মুনি ৰায়ক বিশেষ সম্বৰ্দ্ধনা প্ৰদান কৰে । ১৯৯৫ ত ছাত্ৰ অৱস্থাৰ পৰাই সংবাদ সেৱাৰ সৈতে
জড়িত হৈ আহিছে বাসুগাঁও নগৰ নিবাসী ভৃগু মুনি ৰায়ে ।

কোকৰাঝাৰৰ পৰা প্ৰকাশিত বড়ো ভাষাৰ জনপ্ৰিয় দৈনিক বাতৰি কাকত ‘বডোসা’ আৰু নিয়মীয়া বাৰ্তাৰ বাসুগাঁৱৰ সংবাদ দাতা হিচাপে বৰ্তমানলৈ সংবাদ সেৱাত ব্ৰতী হৈ আছে। ভৃগু মুনি ৰায়ে ২০০৬ আৰু ২০০৭ বৰ্ষত চিৰাং জিলা সাংবাদিক সন্থাৰ সম্পাদকৰ দায়িত্ব পালন কৰাৰ লগতে ২০১৫ চনত সু-শৃংখলিত আৰু পজিটিভ বাতৰি প্ৰকাশ কৰি অহা বাবে চিৰাং জিলা প্ৰশাসনে স্বাধীনতা দিৱসত সম্বৰ্ধনা যাচে। উল্লেখযোগ্য যে সংবাদ সেৱাৰ লগতে পৰিৱেশ ৰক্ষাৰ হকে অহৰহ লাগি থকা বাবে কোকৰাঝাৰত অনুষ্ঠিত ৬৩ সংখ্যক গণতন্ত্ৰ দিৱসতো বি টি চিৰ শ্ৰেষ্ঠ পৰিৱেশ কৰ্মী হিচাপে তদানীন্তন বি টি চিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে মান পত্ৰ, আৰণাই আৰু বঁটা প্ৰদানৰে সন্মানিত কৰে । ২০২১ চলিত বৰ্যত ৰিজনেল মেডিয়া ওৱাৰ্কচপত যোগদান কৰি প্ৰমাণ পত্ৰ লাভ কৰে ।

জ্যেষ্ঠ সংবাদ দাতা ৰায়ে পথৰ দাঁতিত , মঠ-মন্দিৰ, বিদ্যালয় চৌহদত বিভিন্ন ফুল,ফল আৰু মূল্যৱান গছ পুলি ৰোপণ আৰু সংৰক্ষণ কৰি সমাজত প্ৰকৃতি প্ৰেমী হিচাপেও পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে। ভৃগু মুনি ৰায়ে কৰ্মৰ মাজেৰে স্বীকৃতি আৰু সম্বৰ্দ্ধনা লাভ কৰাত কাজলগাঁও প্ৰেছ ক্লাৱৰ সতীৰ্থ সংবাদ সেৱী সকলে সন্তোষ প্ৰকাশ কৰি তেওঁৰ সু স্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰে ।

Exit mobile version