Site icon Guwahati Times

ৰাষ্ট্রীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰীৰ ৰাজ্যৰ ব্যাঘ্র প্রকল্পসমূহৰ বাবে নতুন নির্দেশনা

ভাৰত চৰকাৰৰ বন, পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ লগতে ৰাষ্ট্রীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰীয়ে ৰাজ্যৰ ব্যাঘ্র প্রকল্পসমূহৰ বাবে নতুন নির্দেশনা জাৰি কৰিছে। সপ্তাহৰ মঙলবাৰে ব্যাঘ্ৰ প্ৰকল্পত পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। সেই অনুসৰি সপ্তাহৰ প্ৰতি মঙলবাৰে পৰ্যটকৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ বন্ধ থাকিব। সেই দিনটোত জীপ ছাফাৰী, হাতী ছাফাৰী, ৰিভাৰ ৰাফটিং আদি সকলো পৰ্যটন সম্বন্ধীয় কার্যকলাপ বন্ধ ৰখা হ’ব। উল্লেখযোগ্য যে,ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই সপ্তাহৰ প্ৰতি মঙলবাৰে ব্যাঘ্ৰ প্ৰকল্পত তথা ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্গত বন্যপ্ৰাণীসমূহৰ গতিবিধি নিৰীক্ষণৰ লগতে আনুষংগিক আন কাম- কাজ পৰিচালনা কৰিব। মানস ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ডঃ বৈভৱ চি মাথুৰে ইতিমধ্যে এক জাননী যোগে অহা ১০ এপ্ৰিলৰ পৰা এই নতুন কাৰ্যকৰী হ’ব বুলি জনাইছে।

Exit mobile version