Site icon Guwahati Times

নাজিৰাৰ ৰমণী পঞ্চায়তত উতপ্ত পৰিস্থিতি।

নাজিৰা মহকুমাৰ চন্তক ৰমণী পঞ্চায়তত সৃষ্টি হৈছে উতপ্ত পৰিস্থিতিৰ।

অৰুণোদয় আঁচনিত যোগ্য হিতাধিকাৰী নাম সন্নিৱিষ্ট নকৰাক লৈ সৃষ্টি হৈছে এই হুলস্থুলীয়া পৰিস্থিতিৰ।
কেইবাখনো গাৱৰ প্ৰায় ৭৫ গৰাকীতকৈও অধিক যোগ্য মহিলা হিতাধিকাৰীয় অৰুণোদয় আঁচনিৰ ধন লাভ কৰাৰ পৰা বঞ্চিত হৈ থকাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ।
ৰমণী পঞ্চায়তৰ প্ৰতিনিধি সকলে অযোগ্য হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট কৰাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে।
শিৱৰাত্ৰিৰ বাবে আজি শিৱসাগৰ জিলাৰ স্থানীয় বন্ধৰ দিন হোৱাৰ পাছতো কিন্তু কেনেকৈ অৰুণোদয় আঁচনিৰ ফ্ৰম বিতৰন কৰিছে এতিয়া তাকে লৈও সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।

Exit mobile version