Site icon Guwahati Times

নাজিৰা বৰবৰুৱা গাঁও পঞ্চায়তত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি; সিংহভাগ ধনেই উদৰস্থ ছুপাৰভাইছাৰ; শ্ৰমিকৰ ধন আত্মহাৎ…

নাজিৰা বৰবৰুৱা পঞ্চায়তৰ অধীনৰ চকীমুখত সংঘটিত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ । এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।ৰাইজৰ অভিযোগ অনুসৰি নাজিৰাৰ বৰবৰুৱা পঞ্চায়তৰ অধীনৰ এনৰেগা আঁচনিৰ অধীনত নিৰ্মীয়মান এটা পথক লৈ এই ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। নাজিৰা বৰবৰুৱা পঞ্চায়তৰ এনৰেগা আঁচনিৰ অধীনত ১,২৯,০০০০ টকাৰ আবণ্টনেৰে নিৰ্মাণ কৰা এটা এটা পথত এই ব্যাপক দুৰ্নীতি সংঘটিত হৈছে।এই আবণ্টিত ধনৰ প্ৰায় ৬২,৫০০ টকা পথটিৰ কামৰ তদাৰকৰ দায়িত্বত থকা পপিশ্ৰী বৰা চেতিয়াই আত্মসাৎ কৰি শ্ৰমিকৰ বেংকৰ একাউণ্টত দিয়াৰ বিপৰীতে কোনো অঙহী-বঙহীৰ বেংকৰ একাউণ্টত সুমুৱাই দিয়াৰ ঘটনাই সকলোৰে চকু কপালত উঠিছে। স্থানীয় ৰাইজ অতিস্থ হৈ আয়োজন কৰিছিল এখন ৰাজহুৱা সভা।এই ৰাজহুৱা সভালৈ নিমন্ত্ৰণ কৰিছিল কামৰ তদাৰকৰ দায়িত্বত থকা পপিশ্ৰী বৰা চেতিয়াকো।কিন্তু কামৰ তদাৰকৰ দায়িত্বত থকা পপিশ্ৰী বৰা চেতিয়া এই ৰাজহুৱা সভালৈ নহাত কামৰ তদাৰকৰ দায়িত্বত থকা পপিশ্ৰী বৰা চেতিয়াৰ বাসগৃহত উপস্থিত হয় স্থানীয় ৰাইজ। চৰকাৰলৈ আহ্বান কামৰ তদাৰকৰ দায়িত্বত থকা পপিশ্ৰী বৰা চেতিয়াই কৰা এই দুৰ্নীতিৰ তদন্ত কৰিবলৈ।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।

Exit mobile version