Site icon Guwahati Times

ইণ্ডিয়া টুডেৰ সমীক্ষাত ১৭০ নং স্থান লাভেৰে উজ্জ্বলি উঠিল নাজিৰা মহাবিদ্যালয়

ইণ্ডিয়া টুডেৰ সমীক্ষাত ভাৰতৰ শ্ৰেষ্ঠ কলা শাখাৰ মহাবিদ্যালয় সমূহত উজ্বলিল নাজিৰা মহাবিদ্যালয়

সৰ্বভাৰতীয় আলোচনী ইণ্ডিয়া টুডেৰ সমীক্ষাত কলা শাখাৰ মহাবিদ্যালয় সমূহৰ ভিতৰত ১৭০ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে নাজিৰা মহাবিদ্যালয়ে।

এই সাফল্যৰ খবৰ লাভ কৰাৰ পাছতেই এতিয়া আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে মহাবিদ্যালয়খনত।

ইণ্ডিয়া টুডেত প্ৰকাশিত হোৱা এই সমীক্ষাৰ পাছতে এতিয়া স্বাভাবিকতে উৎফুল্লিত হৈ পৰিছে নাজিৰা মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী সকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকল।

এনেধৰণৰ সাফল্যই আৰু অধিক উৎসাহ আৰু উদ্যমেৰে কাম কৰাৰ প্ৰেৰণা যোগায় বুলি জনায় মহাবিদ্যালয়ৰ অধ্যক্ষ জনে।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।।

Exit mobile version