Site icon Guwahati Times

যুৱ প্ৰজন্মক ড্ৰাগছৰ ওপৰত সজাগ হ’বলৈ নাজিৰাৰ মনাইটিং নগাগাঁও খেলপথাৰত নগাসম্প্ৰদায়ৰ লোকসকলে অনুস্থিত কৰিলে ফুটবল খেল

নাজিৰাৰ মনাইটিং নগাগাঁও খেলপথাৰত সদৌ অসম নগা কল্যাণ সমাজ আৰু শিৱসাগৰ জিলাৰ ৱাংচু,নক্তে আৰু কন্যাক নগা সম্প্ৰদায়ৰ লোক সকলৰ সহযোগত অনুস্থিত হয় এখন ফুটবল খেল প্ৰতিযোগিতা।

বৰ্তমান একাংশ যুৱ প্ৰজন্ম ড্ৰাগছৰ প্ৰতি আসক্ত হৈ ধ্বংসৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে।

এই ফুটবল সদৌ অসম নগা কল্যাণ সমাজ আৰু শিৱসাগৰ জিলাৰ ৱাংচু,নক্তে আৰু কন্যাক নগা সম্প্ৰদায়ৰ লোক সকলে এই ফুটবল খেল অনুস্থিত কৰাৰ মূল লক্ষ্য হ’ল বৰ্তমান যুৱপ্ৰজন্ম ড্ৰাগছৰ কবলৰ পৰা হাত সাৰি থকা।ড্ৰাগছৰ ওপৰত বৰ্তমানৰ যুৱ প্ৰজন্ম সজাগ হোৱাৰ উদ্দেশ্য আগত ৰাখি এই ফুটবল খেল প্ৰতিযোগিতাখন অনুস্থিত কৰে সদৌ অসম নগা কল্যাণ সমাজ আৰু শিৱসাগৰ জিলাৰ ৱাংচু,নক্তে আৰু কন্যাক নগা সম্প্ৰদায়ৰ লোক সকলে ।

এই ফুটবলখেলত অংশ লয় নগা সম্প্ৰদায়ৰ যুৱকসকলৰ লগতে অন্যান্য সম্প্ৰদায়ৰ যুৱক সকলেও।

প্ৰায় সাতটাকৈ ফুটবল দলে অংশ লয় এই ফুটবল প্ৰতিযোগিতাত।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।

Exit mobile version