Site icon Guwahati Times

“শিক্ষামন্ত্ৰীয়ে আমাক ব্লেইকমেলিং কৰিছে” !

“শিক্ষামন্ত্ৰীয়ে আমাক ব্লেইকমেলিং কৰিছে” এই মন্তব্য নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ।প্ৰধান শিক্ষক পদ সৃষ্টি দাবীৰে আজি নাজিৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত আন্দোলন কাৰ্য্যসূচী গ্ৰহণ নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ।

আজি নাজিৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত আন্দোলন কাৰ্য্যসূচী গ্ৰহণ নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।

নাজিৰা শিক্ষাখণ্ডৰ বিভিন্ন প্ৰাথমিক বিদ্যালয়ত পদহীন পদৰ বিপৰীতে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰি ৩০০টকীয়া দায়িত্ব বানচ গ্ৰহণ কৰি আছে।অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত চলাই অহা সংগ্ৰামৰ অংশ ৰূপে ২০২৩বৰ্ষৰ জুলাই মাহৰ পৰা দায়িত্ব বানচ গ্ৰহণ নকৰাৰ সিদ্ধান্তক সমৰ্থন জনাই নাজিৰা শিক্ষাখণ্ডৰ অধীনৰ ২২৮খন প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে স্ব-ইচ্ছাৰে দায়িত্ব বানচ গ্ৰহণ নকৰাৰ ঘোষণা পত্ৰ প্ৰদান কৰিছে।

এই “প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবী”ৰে আজি নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে পালন কৰে এই আন্দোলন কাৰ্য্যসূচী।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।।

Exit mobile version