Site icon Guwahati Times

নাজিৰাৰ গেলেকীত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন

নাজিৰা মহকুমাৰ গেলেকী ২ নং লাহন গাওঁ প্ৰাথমিক বিদ্যালয়ত আজি এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। নাজিৰাৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা ‘প্ৰৱাহ’ ৰ উদ্যোগত আৰু জিলা অন্ধতা নিয়ন্ত্ৰণ সমিতিৰ সহযোগত এই বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। এই পৰীক্ষা শিবিৰত স্থানীয় শতাধিক ৰাইজে বিনামূলীয়া সেৱা গ্ৰহণ কৰি উপকৃত হয়। নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ উপস্থিতিত প্ৰায় অৰ্ধ শতাধিক লোকক বিনামূলীয়াকৈ চশমা বিতৰণ কৰাৰ সকলো ৰোগীকে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়। প্ৰায় ২১ গৰাকী ৰোগীক অহা সোমবাৰৰ পৰা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চকু চানি পৰা ৰোগৰ বিনামূলীয়াকৈ অষ্ট্ৰোপচাৰ কৰা হব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে।


নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।

Exit mobile version