Site icon Guwahati Times

আজি চৰাইদেউ মথুৰাপুৰ মাজগাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰ৷

আজি চৰাইদেউ মথুৰাপুৰ মাজগাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰ৷
পথৰ দাঁতিত উদ্ধাৰ হ’ল বিকাশ গোৱালাৰ মৃতদেহঃ

চৰাইদেউ জিলাৰ মথুৰাপুৰ মাজগাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। পথৰ দাঁতিত উদ্ধাৰ হ’ল এজন যুৱকৰ মৃতদেহ। মৃত যুৱকজন ভকত জংঘল গাঁৱৰ বিকাশ গোৱালা (২৯) ৷ কালি আবেলি ঘৰৰ পৰা ওলাই যোৱা বিকাশ নিশালৈ ঘৰলৈ উভতি অহা নাছিল । আজি পুৱা পথৰ দাঁতিত থকা এজোপা গছৰ তলত বিকাশৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে। কি কাৰণত মৃত্যু হ’ল সিহে ৰহস্যজনক৷ঘটনাস্থলীত মথুৰাপুৰ থানাৰ আৰক্ষী উপস্থিত তদন্ত কৰিছে৷

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।।

Exit mobile version