Site icon Guwahati Times

নাজিৰাত দিনযোৰা কাৰ্য্যসূচীৰে অসম বাগ্‌তি(বাক্তি) সমাজৰ ১৪তম প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

নাজিৰা ৰহদৈআলিৰ নিমাইগড় হাবিগাঁৱত আজি দিনযোৰা কাৰ্য্যসূচীৰে অসম বাগ্‌তি(বাক্তি) সমাজৰ ১৪তম প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

আজি নাজিৰা ৰহদৈআলি নিমাইগড় হাবিগাঁৱত উদ্‌যাপন কৰা হয় অসম বাগ্‌তি(বাক্তি) সমাজ শিৱসাগৰ জিলা সমিতি,আঞ্চলিক সমিতি,জিলাৰ সমূহ প্ৰাথমিক সমিতি,মহিলা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত ১৪তম্‌ বাগ্‌তি(বাক্তি) সমাজৰ প্ৰতিষ্ঠা দিৱস।

এই প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অনুস্থিত হয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰু কেইবাগৰাকীয়ো বিশিষ্ট অতিথিৰ উপস্থিত এখন মুকলি সভা।

ইয়াৰ উপৰিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ অসম বাগ্‌তি(বাক্তি)সমাজ শিৱসাগৰ জিলাৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে অসম বাগ্‌তি(বাক্তি)সমাজ শিৱসাগৰ জিলাৰ অন্তৰ্গত কেইবাগৰাকীয়ো সমাজ সচেতন ব্যক্তিক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হয়।

অনুষ্ঠানত কাঠি নৃত্যৰ প্ৰদৰ্শনে সৌষ্ঠৱ বৃদ্ধি কৰে অনুষ্ঠানটি।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।

Exit mobile version