Site icon Guwahati Times

আজি গুৱাহাটীত আই এছ এলৰ প্ৰথম মেচত নর্থ ইষ্ট ইউনাইটেড-মুম্বাই চিটী 

 

গুৱাহাটী, ২৩ ছেপ্টেম্বৰ ঃচলিত দশম ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ৰ কাইলৈ গুৱাহাটীত নতুন ছিজনৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব । সৰুসজাই ষ্টেডিয়ামৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত হ’বলগা কাইলৈৰ মেচখনত ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে মুম্বাই চিটী এফ চিৰ বিৰুদ্ধে খেলি ছিজনৰ আৰম্ভনি কৰিব। অৱশ্যে মুম্বাই দলৰো এয়া নতুন ছিজনৰ প্ৰথম মেচ। 

উল্লেখ্য যে নর্থ ইষ্ট ইউনাইটেডৰ বাবে যোৱা ছিজন হতাশাৰ আছিল। আই এছ এলৰ ইতিহাসত ব্যৰ্থতাৰ অভিলেখহে গঢ়িছিল দলে। ২০ মেচৰ ১৭ খনতে পৰাজয়ৰ সন্মুখীন হোৱা নৰ্থ ইষ্ট দলে প্রথম লেগৰ ১০ খন মেচৰ আটাইকেইখনতে পৰাজয় স্বীকাৰ কৰিছিল। মোহন বাগানক ১-০ ত পৰাস্ত কৰাটোৱে আছিল দলৰ ছিজনৰ একমাত্র সফলতা আনহাতে, এফ চি গোৱা আৰু ইষ্ট বেংগলৰ বিৰুদ্ধে ড্র খেলিছিল। ২০ মেচৰ পৰা পাঁচ পইণ্ট লাভ কৰি অন্তিম স্থানত আছিল নৰ্থ ইষ্ট ইউনাইটেড। 

ইফালে, মুম্বাই চিটীৰ যাত্ৰা আছিল গৌৰৱময়। লীগ পৰ্যায়ত অপৰাজেয় হৈ থকাৰ অভিলেখ তথা সৰ্বাধিক গ’ল কৰাৰ গৌৰৱ অৰ্জন কৰিছিল মুম্বাই চিটীয়ে। ক্রমাগত ১৮ খন মেচত অপৰাজেয় থাকি ইতিহাস গঢ়ি লীগ চেম্পিয়ন হৈছিল দলটো ৷ কিন্তু বাংগালুৰু এফ চিৰ বিৰুদ্ধে ছেমিফাইনেলত পৰাস্ত হৈ খিতাপৰ যুঁজলৈ যাব নোৱাৰিলে মুম্বাইয়ে। 

অৱশ্যে নতুন ছিজনত নতুন আৰম্ভনি কৰিবলৈ সাজু নৰ্থ ইষ্ট ইউনাইটেডডুৰাণ্ড কাপত দলে প্রত্যাশিত প্ৰদৰ্শন কৰি ছেমিফাইনেল খেলিছিলঅসম সন্তান পাৰ্থিৱ গগৈ আৰু প্ৰজ্ঞান গগৈৰ চমকে দলক দিছে নতুন শক্তি ৷ আনহাতে, যুৱ আৰু অভিজ্ঞ খেলুৱৈৰে দলটো নতুনকৈ গঠন কৰা হৈছে। লীগৰ অন্যতম শ্ৰেষ্ঠ দলটোৰ বিৰুদ্ধে আমাৰ প্ৰথমখন খেলকাইলৈৰ বাবে দল মানসিকভাৱে সাজু। আমি অপেক্ষা কৰিছো এখন আকর্ষণীয় খেলৰ । আমি যোৱা ডেৰদুমাহৰ প্ৰস্তুতিৰ পাছত দলৰ সকলোৱে দায়িত্বক লৈ সচেতন আমাৰ সম্ভাৱনাৰ ৭০ শতাংশ। অৱশ্যে দলক গঢ় দিবলৈ আৰু সময় লাগিব আজি নর্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্রশিক্ষক জুয়ান পেড্র’ বেনালিয়ে কয়। 

ইফালে, মুম্বাই দলৰ প্ৰশিক্ষক বাকিংহামে কয় যোৱা ছিজনৰ স্মৃতি আৰু বাবে প্ৰেৰণা। এয়া মোৰ তৃতীয় ছিজনদলৰ দক্ষতাৰ ওপৰত মোৰ বিশ্বাস আছে। আমি ছিজন আৰম্ভ কৰিবলৈ উৎকণ্ঠাৰে বাঁট চাই আছো ৷ এই বছৰ আমি শ্রেষ্ঠত্ব কি ধৰনে ধৰি ৰাখিব পাৰো সেয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ ।’উল্লেখ্য যে নৰ্থ ইষ্টৰ বিৰুদ্ধে খেলা ১৮ খন মেচৰ নখনতে মুম্বাই জয়ী হৈছে। ড্ৰ চাৰিখন তথা পৰাজয় পাঁচ যোৱা ছিজনত নৰ্থ ইষ্ট দলক দুখন মেচত সাতকৈ গ’ল দিছিল মুম্বাই চিটীয়ে। 

Exit mobile version