Assamese News

ৰাজকোষ দুৰ্বল: জুলাইলৈকে বন্ধ থাকিব চিলিং

দিছপুৰত ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনে নিত্য নতুন আঁচনি ঘোষণা কৰি ৰাইজক আকৃষ্ট কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু চৰকাৰে এই ক্ষেত্ৰত যিমানেই চেষ্টা নকৰক কিয়, বাস্তৱ ছবিখন কিন্তু মুঠেও তেনেকুৱা নহয় । ৰাজকোষৰ অৱস্থা এই সময়ত মুঠেও সন্তোষজনক নহয় । নতুন বিত্ত মন্ত্ৰী অজন্তা নেওগে এই দুৰ্বল ৰাজকোষ টনকিয়াল কৰিবলৈ কি কৌশল অৱলম্বন কৰে, সেয়া প্ৰতিফলিত হ’ব জুলাই মাহত তেওঁ দাখিল কৰিবলগীয়া পূৰ্ণাংগ বাজেটতহে ।

কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে বিত্তীয় নাটনিৰ বাবেই জুলাই মাহলৈকে ৰাজ্যৰ বিত্ত বিভাগে সকলো ধৰণৰ চিলিং বন্ধ ৰাখিছে । বিত্ত বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, কেৱল চৰকাৰৰ দৈনন্দিন প্ৰশাসনিক কাম-কাজ আৰু কৰ্মচাৰীৰ দৰমহাৰ বাহিৰে আন কোনো কামৰ বাবে ধন মোকলাই দিয়া বা চিলিং প্ৰদান কৰা সদ্যহতে চৰকাৰে বন্ধ ৰাখিছে । সম্পূৰ্ণ জুলাই মাহটো এইদৰে বন্ধ ৰখা হব চিলিং । নক’লেও চলে যে, একমাত্ৰ চৰকাৰখনৰ বিত্তীয় সংকটে হৈছে চিলিং বন্ধ ৰখাৰ একমাত্ৰ কাৰণ ৷

সূত্ৰটোৱে প্ৰকাশ কৰা মতে, জুলাই মাহ পৰ্যন্ত কোনো ঠিকাদাৰৰ বিল মোকলাই দিয়া নহ’ব । কোনো ধৰণৰ উন্নয়নমূলক কামৰ বাবেও এই সময়চোৱাত পুঁজি মোকলাই দিয়া নহ’ব । জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া নতুন চৰকাৰখনৰ প্ৰথমখন বাজেট অধিবেশনত ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে ২০২১-২২ বৰ্ষৰ বাজেট দাখিল কৰাৰ পিছতহে পুনৰ চিলিং খুলি দিয়াৰ চিন্তা কৰিব ৰাজ্যৰ বিত্ত বিভাগে ।

GTM Desk

Recent Posts

বিভিন্ন ৰোগৰ ঔষধ আমলখি!

১) মুৰ কামোৰণিত: আমলখিৰ ৰস বগা চন্দনৰ লগত মিহলি কৰি কপালত সানিলে মুৰ কামোৰণি ভাল হয়। ২)…

38 mins ago

গেছৰ সমস্যা‌ দূৰ কৰক এই ঘৰুৱা উপায়েৰে

 বৰ্তমান ক’ৰোণাৰ সংক্ৰমণৰ পিছত ইয়াৰ পৰা সকাহ পাবলৈ সকলোৱে এক স্বাস্থ্যৱান জীৱন অতিবাহিত কৰিবলৈ বিভিন্ন…

44 mins ago

হঠাৎ থিয় হৈ দিলে আপোনাৰো মূৰ ঘূৰাই নেকি ? ইয়াৰ আঁৰৰ কাৰণ কি ?

যদি আপুনিও থিয় হৈ থকা অৱস্থাত মূৰ ঘূৰোৱা অনুভৱ কৰে বা কেতিয়াবা হঠাতে মূৰ্চ্ছা যায়।…

57 mins ago

অতিমাত্ৰা উত্তেজনাই আপোনাক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে…

সৰু সৰু কথাতে অত্যাধিক উত্তেজিত নহ’ব। বিপদ হ’ব পাৰে। আপুনি অসুস্থ হ’ব পাৰে। মৃত্যুৰ আশংকাও…

2 hours ago

আপোনাৰ হাড়ৰ বিষ আছে নেকি ? যদি আছে তেন্তে কৰক এই তিনিটা কাম

বৰ্তমান যুগত এনেকুৱা বহু মানুহ আছে যাৰ হাড়ৰ বিষ আছে। হাড়ৰ বিষৰ ফলত বহুতো শাৰীৰিক…

2 hours ago

বছৰত ২৫০টা কণী পৰা কুকুৰা !

হাঁহ-কুকুৰা পালন এক লাভজনক ব্যৱসায়। গ্ৰামাঞ্চলত কুকুৰা পালন জনপ্ৰিয় হৈ পৰিছে। বৰ্তমান সময়ত কুকুৰা পোৱালি…

2 hours ago