পৰিয়ালৰ এজন আক্রান্ত হ’লে সংক্রমিত হয় সকলো সদস্যঃ জিএমচিএইচৰ অধ্যক্ষৰ সকীয়নি

0 min read

এইবাৰ ভয়াৱহ ৰূপত আহিছে ক’ৰোনাৰ সংক্রমণ৷ যুৱচামক এইবাৰ ক’ৰোনাই সংক্রমিত কৰিছে৷ ক’ৰোনাত সংক্রমিত হোৱাৰ দুই–তিনি দিনতে আইচিইউলৈ নিবলগীয়া হৈছে৷ –এই মন্তব্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যৰ৷

সোমবাৰে সংবাদ মাধ্যমৰ আগত ডাঃ বৈশ্যই কয় যে এইবাৰ ক’ৰোনাৰ সংক্রমণ পৰিয়ালকেন্দ্রিক হৈছে৷ পৰিয়ালৰ কোনো এজন সদস্য ক’ৰোনাত আক্রান্ত হোৱাৰ পিছতেই পৰিয়ালৰ আন সদস্যসকলো সংক্রমিত হৈছে৷ তদুপৰি এইবাৰ ক’ৰোনাই পোনে পোনে হাঁওফাঁওত সংক্রমণ ঘটাইছে৷ সেয়ে তেওঁ জনসাধাৰণক সাৱধান হৈ থাকিবলৈ আহ্বান জনায়৷ জনসাধাৰণক ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাৰ লগতে ছেনিটাইজ কৰা, সামাজিক দূৰত্ব বজাই ৰখা, বজাৰত ভিৰ কৰাৰ লগতে অপ্রয়োজনত ৰাজহুৱা স্থানত ওলাই যোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়৷

আনকি ক’ৰোনাত সংক্রমিত হৈ হাস্পতালৰ পৰা ৰিলিজ লাভ কৰাৰ পিছতো ১০ দিন সম্পূর্ণ আছুতীয়াকৈ কাৰো সংস্পর্শলৈ নহাকৈ থকাৰ আহ্বান জনায়৷ অৱশ্যে তেওঁ এইবাৰ আক্রান্ত হোৱাসকলৰ ৭০ শতাংশক ৭–৮ দিনৰ ভিতৰত ৰিলিজ দিব পৰা হৈছে বুলিও মন্তব্য কৰে৷ গুৱাহাটীৰ ক’ৰোনা পৰিস্থিতি সম্পর্কত তেওঁ কয় যে পৰহি জিএমচিএইচলৈ ১৫০ৰো অধিক ক’ৰোনা ৰোগী আহিছিল৷ কালি ৮০ৰ পৰা ১০০গৰাকী আহিছিল৷ ইয়াৰে ৩৩গৰাকী আইচিইউত, দুজনমান ভেণ্টিলেচনত, চাৰিজন এনআইভিত আছে৷ ক’ৰোনাৰে যুঁজ দিবলৈ স্বাস্থ্য বিভাগৰ প্রস্তুতি সম্পর্কত তেওঁ কয় যে গুৱাহাটীত জিএমচিএইচৰ অধীনত ৭খন চিকিৎসালয় আছে৷ জিএমচিএইচত ২৬৭খন বিছনা আৰু ৩০টা পেয়িং কেবিন আছে৷ কালাপাহাৰ ক’ভিড হাস্পতালত ১২৪খন বিছনা আৰু ৩৮টা আইচিইউ আছে৷ ইমার্জেন্সী ব্লকত ১০টা আইচিইউ সাজু কৰা হৈছে৷ এমএমচিএইচত ১৮৬খন বিছনা সাজু আছে আৰু ২৪টা আইচিইউ আছে৷

আয়ুর্বেদিক কলেজত কালিৰে পৰা ৰোগী ৰাখিব পৰাকৈ ১০০খন বিছনা সাজু কৰি ৰখা হৈছে৷ শিঙিমাৰী হাস্পতালত ৫৪খন বিছনা আৰু ১৪টা আইচিইউ আছে৷ বর্তমান সেই হাস্পতালখনত ৮গৰাকী ৰোগী আছে৷ সোণাপুৰ ক’ভিড হাস্পতালত ৬৫খন বিছনা আছে৷ ইয়াত বর্তমান ৫৫গৰাকী ৰোগী আছে৷ মুঠ ৮২৬খন বিছনাৰ ভিতৰত ৫০৯খন বিছনা ৰোগীৰে ভৰি আছে৷ এই সপ্তাহৰ ভিতৰতে গুৱাহাটীত ক’ভিড ৰোগী ৰাখিব পৰাকৈ ১৪০০ বিছনা উলিয়াব পৰা যাব বুলিও তেওঁ ব্যক্ত কৰে৷

You May Also Like

More From Author