Site icon Guwahati Times

১৬ আগষ্টৰ পৰা ৰাজ্যত কি কি নতুন নিয়ম…

গুৱাহাটী: ১৬ আগষ্টৰ পৰা সলনি হ’ব কোভিড সংক্ৰান্তত জাৰি কৰা ৰাজ্য চৰকাৰৰ নিয়ম।

পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৯.৩০ বজালৈ শিথিল।

ইয়াৰ পূৰ্বে পুৱা ৬ বজাৰ সন্ধিয়া ৬ বজালৈকেহে শিথিল কৰা হৈছিল।

ৰাস্তাৰ এটা ফালে অৱশ্যে দোকান-পোহাৰ সম্পূৰ্ণ ৰূপে বন্ধ থাকিব এই সময়চোৱাত।

সোমবাৰৰ পৰা শুকুৰবাৰলৈ কৰিব পাৰিব আন্তঃজিলা যাতায়াত।
নিশা ৯.৩০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন।
১৬ আগষ্টৰ পৰা ৩১ আগষ্টলৈ এই নতুন নিয়ম।
মহানগৰীত চিটি বাছ সেৱা মুকলি কৰি দিয়া হ’ব।
অৱশ্যে ৫০ শতাংশ যাত্ৰী আৰু কোভিড প্ৰ’ট’কল মানি চলিব লাগিব।
ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ ক্ষেত্ৰতো শিথিলতা।
৫০ শতাংশ যাত্ৰীৰে কোভিড প্ৰট’কল মানি চলাচল কৰিব পাৰিব ৰাজহুৱা যান-বাহন।
ব্যক্তিগত যান-বাহন চলাচলৰ ক্ষেত্ৰত সান্ধ্য আইনত বিশেষ কঠোৰ ব্যৱস্থা।

ৰাজহুৱা স্থানত থু পেলোৱা, ধপাত সেৱন কৰা, সুৰা সেৱন নিষিদ্ধ কৰা হৈছে।
চিনেমা হল, ছুইমিং পুল, পাৰ্ক, থিয়েটাৰ হল, অডিট’ৰিয়াম আদি বন্ধ থাকিব।
শনিবাৰ আৰু দেওবাৰে পূৰ্বৰ দৰে সম্পূৰ্ণ লকডাউন।
৬৫ বছৰ উৰ্ধ আৰু ১০ বছৰ তলৰ কোনো ল’ৰা-ছোৱালী ঘৰতে সোমাই থকাৰ পৰামৰ্শ।
ৰাজহুৱা স্থান, কৰ্মস্থলীত মাস্ক পৰিধান কৰাতো বাধ্যতা মূলক।
অন্যথা ১০০০ টকা জৰিমনা ভৰিব লাগিব।
এই সন্দৰ্ভত নিৰ্দেশনা জাৰি মুখ্য সচিব কুমাৰ সঞ্জীৱ কৃষ্ণাৰ।

(অসমীয়া প্ৰতিদিন)

Exit mobile version