‘আইৰা ম’শ্বন পিকচাৰ্ছ’ৰ (Ayra Motion Pictures) বেনাৰত আৰু বিতোপন কাশ্যপৰ পৰিচালনাত নিৰ্মিত নতুন অসমীয়া কথাছবি ‘আদিশক্তি’ৰ আকৰ্ষণীয় পোষ্টাৰ আৰু টিজাৰ দেওবাৰে গুৱাহাটীৰ পাঞ্জাবাৰী স্থিত ‘আইদেউ টকীজ’ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।নাৰী শক্তি, সামাজিক সংঘাত আৰু এক গভীৰ আৱেগিক কাহিনীৰ সুন্দৰ সংমিশ্ৰণেৰে প্ৰস্তুত কৰা এই পোষ্টাৰ আৰু টিজাৰে ইতিমধ্যে উপস্থিত সকলো দৰ্শকৰে মন জয় কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা নিৰুপম শইকীয়াই।
পেছাত এগৰাকী চিকিৎসক ড° আৰ্শিয়া মহন্তই এই ছবিখনৰ জৰিয়তেই অভিনয় জগতত প্ৰথমবাৰৰ বাবে খোজ পেলাইছে।আনহাতে চলিত বৰ্ষৰ ৪ ডিচেম্বৰত ছবিখন চিত্ৰগৃহলৈ আহিব বুলি নিৰ্মাতা গোষ্ঠীয়ে জানিবলৈ দিয়ে।এখন সৰ্বাংগসুন্দৰ সামাজিক ছবিৰ পৰিপূৰ্ণ সোৱাদ ল’বলৈ আপুনিও সাজু হওক!

