Site icon Guwahati Times

আধাৰৰ দৰে ভোটাৰ কাৰ্ডঃ আজিৰ পৰা ডাউনলোড কৰা যাব ই-ভোটাৰ কার্ড

আধাৰৰ দৰেই এইবাৰ ভোটাৰ কার্ডো ডিজিটালাইজ হৈছে। সোমবাৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত এই সেৱা আৰম্ভ কৰিছে নির্বাচন কমিশ্যনে। নির্বাচন কমিশ্যনে জনাইছে, কমিশ্যনৰ ৱেবচাইটৰ পৰা এই ই-এপিক ডাউনলোড কৰা যাব।

কাৰ্ডৰ বাবে আবেদন কৰা নতুন ভোটাৰসকলে ২৫ ৰ পৰা ৩১ জানুৱাৰীলৈ ই-ভোটাৰ কাৰ্ড ডাউনলোড কৰিবলৈ সক্ষম হ’ব। যিসকলৰ ইতিমধ্যে ভোটাৰ কাৰ্ড আছিল তেওঁলোকে ১ ফেব্ৰুৱাৰীৰ পৰা সেই কাৰ্ডখন পাব। অৱশ্যে, যদি ম’বাইল ফোন নম্বৰবোৰ ভোটাৰ কাৰ্ডৰ সৈতে সংযোজিত আছে, তেন্তে ডিজিটেল ভোটাৰ কাৰ্ডখন পাব।

সন্মুখত ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন। এই ৰাজ্যবোৰত নিৰ্বাচনৰ পৰা ডিজিটেল ভোটাৰ কাৰ্ডৰ ব্যৱহাৰ আৰম্ভ হ’ব। তদপৰি, সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা অনুমোদিত হ’লে নতুন আবেদনকাৰীসকলে ডিজিটেল ফৰ্মেটত ভোটাৰ কাৰ্ড প্ৰাপ্ত কৰিব। লগতে ভোট দিয়াটো সমস্যা নহ’ব।

Exit mobile version