Site icon Guwahati Times

পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বান্ধৱীক জীয়াই তুলিবলৈ ১০ দিনত ৪০ লাখ টকা সংগ্ৰহ ৮ অভিন্ন বন্ধুৰ

ছুইটীৰ বিপদৰ সময়তো তেওঁৰ ৮ গৰাকী অভিন্ন বন্ধুৱে অনবৰতে লগত থাকি সকলোকে যেন বুজাই দিলে বন্ধুত্বৰ প্ৰকৃত অৰ্থ।

চিনেমাৰ কাহিনীৰ দৰে লগা এই বাস্তৱ কাহিনী উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ।

জানিব পৰা মতে, এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল বি.টেকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী ছুইটী।

গ্ৰেটাৰ নয়ডাৰ ছেক্টৰ ২ত সংঘটিত পথ দুৰ্ঘটনাটোৰ পিছতে সংকটজনক অৱস্থাত ছুইটীক ভৰ্তি কৰোৱা হয় কৈলাশ হাস্পতালত।
ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম আদি সামাজিক মাধ্যমত দিনে নিশাই ছুইটীৰ হৈ সহায় বিচাৰি ১০ দিনত ৩০ লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৮ বন্ধুৱে।

একে সময়তে যুৱক কেইজনৰ বন্ধুত্ব আৰু ছুইটীৰ পৰিয়ালৰ আৰ্থিক দুৰাৱস্থাৰ বিষয়ে জানিব পাৰি আৰক্ষী আয়ুক্ত লক্ষ্মী সিঙে আৰক্ষী বিভাগৰ সহকৰ্মীসকলৰ সৈতে মিলি ১০ লাখ টকা ছুইটীৰ চিকিৎসাৰ বাবে প্ৰদান কৰে।
এই বন্ধু কেইজনৰ প্ৰচেষ্টাতে এতিয়া লাহে লাহে সুস্থ হৈ উঠিছে ছুইটী। শেহতীয়াকৈ তেওঁক আইচিইউৰ পৰা জেনেৰেল ৱাৰ্ডতো ভৰ্তি কৰা হৈছে।

Exit mobile version