Site icon Guwahati Times

নগাঁৱৰ ঘাঁহীত পুথিভঁড়াল সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,৩ফেব্ৰুৱাৰী:–ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ বৃহস্পতিবাৰে নগাঁও জিলা পুথিভঁড়াল সন্থা আৰু ঘাঁহী বৰসত্ৰ পুথিভঁড়ালৰ সহযোগত সামৰণি মৰা হয় । বৰসত্ৰ পুথিভঁড়াল প্রাঙ্গণত আয়োজিত সামৰণি অনুষ্ঠানটি দিনৰ ২ বজাৰ পৰা স্থানীয় সমাজকর্মী তুলেন চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় । স্থানীয় মহিলা বিনু দাস বৰগীতেৰে আৰম্ভ কৰা হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে নগাঁও জিলা পুথিভঁড়াল সন্থাৰ প্ৰাক্তন সভাপতি শশীন্দ্ৰ দেৱ মহন্তই অংশ গ্ৰহণ কৰি গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা,পুথিভঁড়াল আন্দোলনৰ বিষয়ে ৰাইজৰ আগত বহুলভাৱে ব্যাখ্যা দাঙি ধৰে । সভাত সন্থাই পৰিচালনা কৰা “সখী একক অৱস্থান কেন্দ্ৰ”ৰ পৰামৰ্শদাতা অপৰাজিতা নাথ বৰা,স্থানীয় সমাজকৰ্মী লতেশ্বৰ দাস,সন্থাৰ সহঃ প্ৰকল্প বিষয়া বাবলীৰাণী দেৱে পুথিভঁড়াল আন্দোলনৰ সম্পৰ্কত আৰু মহিলা সুৰক্ষাৰ ওপৰত বক্তব্য প্ৰদান কৰে । সন্থাৰ পৰামৰ্শদাতা ডেইজী সেনাপতিয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বৰসত্ৰ পুথিভঁড়ালৰ পুথিভঁড়ালী বকুল দাসে শলাগৰ শৰাই আগবঢায় । জাতীয় সংগীতেৰে সভাৰ সামৰণি মৰা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version