Site icon Guwahati Times

মুকালমুৱাৰ বামুনবড়ীত শ্বহীদ সোঁৱৰণী নৈশ ফুটবল প্ৰতিযোগিতা‌ত চেম্পিয়ন এজে এলেভেন

মুকালমুৱাৰ বামুণবড়ীত আমন্ত্ৰণমূলক নৈশ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত চামতাৰ এজে এলেভেন দলে শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।
বামুনবড়ী মূলাঘাটা মিলন সংঘৰ উদ্যোগত বামুনবড়ী খেলপথাৰত অনুষ্ঠিত হোৱা নৈশ ফুটবল প্ৰতিযোগিতাখনৰ কালি অনুষ্ঠিত হোৱা চুৰান্ত খেলখনত এজে এলেভেন দলে মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে এজে এলেভেন দলে। খেল খন পৰিচালনা কৰে নৱজিত কলিতা,মৈদুল ইছলাম,জয়ন্ত দত্ত, আকিল জামানে। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে এজে এলেভেন দলৰ ৰবাৰ্ট কিংডমে আৰু চুৰান্ত খেল খনৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে এজে দলৰে আব্দুল চিলভেনে। নিশা কেইবা সহস্ৰাধিক দৰ্শকে উপভোগ কৰে ৰোমাঞ্চকৰ খেলখন।

Exit mobile version